উত্তৰ পূবৰ প্ৰথমটো আন্তৰ্জাতিক বিমানবন্দৰ হিচাপে পৰিচিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ পৰা ২০ জুলাইৰ পৰা বিমান সেৱা প্ৰতিষ্ঠান ইণ্ডিগ’ৱে বিমানৰ চলাচল আৰম্ভ কৰিব। বিমানবন্দৰ কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি সিদিনা মাজনিশা ১২ বাজি ১ মিনিটৰ পৰা ইণ্ডিগ’ৰ সকলো বিমান সেৱা নতুন টি-২ টার্মিনেলৰ পৰা পৰিচালিত হ’ব। এতিয়াৰে পৰা গুৱাহাটী বিমানবন্দৰত ইণ্ডিগ’ৰ সকলো বিমানৰ চলাচল টি-২ টার্মিনেলৰ পৰা পৰিচালিত হ’ব। অঞ্চলটোৰ ক্রমবর্ধমান বিমান যাত্ৰাৰ চাহিদা পূৰণৰ লক্ষ্যৰে নিৰ্মাণ কৰা বিশ্বমানৰ নতুন টার্মিনেলটোৰ ফলত গুৱাহাটী বিমানবন্দৰৰ কাৰ্যক্ষমতা বৃদ্ধি পোৱাৰ লগতে যাত্রীসকলে বিশ্বমানৰ সা-সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে । নতুন টার্মিনেলটো অসমৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি লক্ষ্য ৰাখি এক ব্যতিক্ৰমী বাঁহৰ নক্সাৰে নিৰ্মাণ কৰা হৈছে। এই আৰ্হি উত্তৰ-পূবৰ স্বকীয় পৰিচয় বাহক আৰু ইয়াৰ আন্তঃগাঁথনি আধুনিক আৰু পৰিৱেশ অনুকূল আৰ্হিৰ। উৎকৃষ্ট আৰ্হিৰ বাবে আন্তর্জাতিক স্বীকৃতি লাভ কৰা এই টার্মিনেলটো ভাৰতৰ অন্যতম আধুনিক বিমানবন্দৰ হিচাপে পৰিগণিত হৈছে। একে সময়তে ই উত্তৰ-পূৰ্বাঞ্চলত যাত্রী সেৱাৰ নতুন মানদণ্ডও স্থাপন কৰিছে। অহা ২০ জুলাইৰ পৰা ইণ্ডিগ’ৰ বিমানেৰে ভ্ৰমণ কৰিবলগীয়া যাত্রীসকলক চেক ইন, নিৰাপত্তা পৰীক্ষা আৰু বর্ডিং প্ৰক্ৰিয়াৰ বাবে পোনপটীয়াকৈ নতুন টি-২ টার্মিনেললৈ যাবলৈ কৰ্তৃপক্ষই অনুৰোধ জনাইছে। যাত্রীসকলৰ সুবিধাৰ্থে আৰু স্থানান্তৰ প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পন্ন কৰিবলৈ বিমানবন্দৰ কৰ্তৃপক্ষই ব্যাপক ব্যৱস্থা গ্রহণ কৰিছে। ইয়াৰ বাবে বিমানবন্দৰ চৌহদত স্পষ্ট দিশ সূচক চিহ্ন, তথ্য প্রদর্শন ফলক আৰু বিশেষ সহায়ক কর্মী নিয়োগ কৰা হৈছে। কৰ্তৃপক্ষই যাত্রীসকলক আগতীয়াকৈ ইণ্ডিগ’ কর্তৃপক্ষৰ সৈতে যোগাযোগ কৰি বিমানৰ সবিশেষ সময় পৰীক্ষা কৰিবলৈ আৰু যাত্ৰাৰ পূৰ্বে পর্যাপ্ত সময় হাতত লৈহে বিমানবন্দৰত উপস্থিত হ’বলৈ অনুৰোধ জনাইছে ।