২২জুনত হ’ব অম্বুবাচী মেলাৰ শুভাৰম্ভ অনুষ্ঠান

সমাগত অম্বুবাচী মেলা। অম্বুবাচী মেলাৰ প্রস্তুতিৰ সকলো দিশৰ পর্যালোচনাৰ বাবে শনিবাৰে মা কামাখ্যা দেৱালয়ৰ সভাগৃহত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দেৱালয় কর্তৃপক্ষ আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াবর্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকৰ পিছতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মেল অনুষ্ঠিত কৰে।

এইবাৰ অম্বুবাচী মেলাত নীলাচল পাহাৰত ভক্তৰ বাবে বহু কেইটা নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰিছে। সংবাদ মেলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনোৱা অনুসৰি, পুৱা ৯ বজাৰ পৰা নিশা ৯ বজাৰলৈকেহে ভক্তয়ে নীলাচল পাহাৰত প্ৰৱেশ কৰিব পাৰিব।

২২ জুনত সোণাৰাম খেলপথাৰত অনুষ্ঠিত হ’ব অম্বুবাচীৰ শুভাৰম্ভণি অনুষ্ঠান। ইয়াৰ পিছতেই নিশা ২.৩০ বজাত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব বুলি জানিব দিয়া হৈছে। ২৩ জনুৰ পৰা ২৫ জুনলৈ বন্ধ থাকিব কামাখ্যাৰ দ্বাৰ। ২৬ জুনৰ নিত্য পূজাৰ পাছতহে খুলি দিয়া হ’ব কামাখ্যা দ্বাৰ। এইবাৰ নিবৃত্তিৰ পিছতৰ পাছত দৰ্শনৰ বাবে নাথাকিব কোনো VVIP আৰু VIP ৰ বাবে বিশেষ ব্যৱস্থা।

ভক্তসকলৰ বাবে পাণ্ডু প’ৰ্ট, সোণাৰাম খেলপথাৰ আৰু কামাখ্যা ৰে’ল ষ্টেচনত নিৰ্মাণ কৰা হ’ব অস্থায়ী শিবিৰ। নাৰ্ছাৰীৰ পৰা কামাখ্যা মন্দিৰলৈ যান-বানত চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। উক্ত পথছোৱাত পানীৰ বাহিৰে অন্য কোনো খোৱা বস্তু যোগান ধৰিব নোৱাৰিব বুলি নিৰ্দেশনা প্ৰদান কৰা হৈছে। ইয়াৰ লগতে জোতা চেণ্ডল খুলি কামাখ্যা মন্দিৰলৈ ভক্তক আহিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে। ইফালে, বয়োজ্যেষ্ঠ লোক, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ফেৰী কাৰৰ ব্যৱস্থা থাকিব। লগতে ভক্তৰ নিৰাপত্তাৰ বাবে CCTV ব্যৱস্থা কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Comments (0)
Add Comment