২৪ ডিচেম্বৰত গুৱাহাটী ৰাজহ চক্ৰত ৰাইজৰ ভূমি সম্পৰ্কীয় অভিযোগ গ্ৰহণ কৰিব জিলা আয়ুক্তই-দিছপুৰ ৰাজহ চক্ৰত ৩৮খন আবেদন জিলা আয়ুক্তক দিলে ৰাইজে

ৰাইজৰ ভূমি সম্পৰ্কীয় আবেদন আৰু ওজৰ-আপত্তিৰ খৰতকীয়া মীমাংসাৰ বাবে তৎপৰ হোৱা কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে পৰৱৰ্তী দেওবাৰ অৰ্থাৎ ২৪ ডিচেম্বৰত গুৱাহাটী ৰাজহ চক্ৰৰ ৰাইজৰ অভিযোগ গ্ৰহণ কৰিব৷ সেইদিনা পুৱা ৯.৩০ বজাৰ পৰা জিলা আয়ুক্তগৰাকী উলুবাৰীত থকা গুৱাহাটী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত থাকিব৷ ৰাজহ চক্ৰটোৰ এলেকাধীন ৰাইজে ভূমি সম্পৰ্কীয় ওজৰ-আপত্তি আৰু অভিযোগৰ মীমাংসাৰ বাবে জিলা আয়ুক্তগৰাকীক পোনপতীয়াকৈ আবেদন জনাব পাৰিব৷ উল্লেখযোগ্য যে, জিলা আয়ুক্ত সুমিত ছাত্তাৱান ৰাইজৰ ভূমি সম্পৰ্কীয় অভিযোগ শুনাৰ বাবে কালি দিছপুৰ ৰাজহ চক্ৰৰ কাৰ্যলয়ত উপস্থিত আছিল৷ তেওঁ মুঠ ৩৮খন ভূমি সম্পৰ্কীয় বিষয়ৰ মীমাংসাৰ আবেদন ৰাইজৰ পৰা লাভ কৰে৷ আবেদনৰ বিষয়সমূহ বিধি অনুসৰি খৰতকীয়াকৈ নিষ্পত্তিৰ বাবে জিলা আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীক দিকদৰ্শন আৰু নিৰ্দেশ দিয়ে৷ জিলা আয়ুক্ত গৰাকীয়ে অহা দেওবাৰে গুৱাহাটী ৰাজহ চক্ৰত আৰু পৰৱৰ্তী একোটা দেওবাৰে আজাৰা, সোনাপুৰ আৰু চন্দ্ৰপুৰ ৰাজহ চক্ৰত উপস্থিত থাকি ৰাইজৰ অভিযোগ পোনপতীয়াকৈ গ্ৰহণ কৰিব৷

Comments (0)
Add Comment