২৭ সংখ্যক সৰ্বভাৰতীয় বন ক্ৰীড়া সমাৰোহলৈ অসমৰ ৭১ জনীয়া দল

ছত্তিশগড়ৰ ৰাজধানী ৰায়পুৰত অহা ১৬ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ অনুষ্ঠিত হবলগীয়া আগন্তুক সপ্তবিংশ সৰ্বভাৰতীয় বন ক্রীড়া সমাৰোহ (27th All India Forest Meet, 2024) ত অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ ৭১ জনীয়া এটা দলে ভাগ লব। দলটোৰ নেতৃত্ব দিব অসম চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ প্ৰধান মূখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মূৰব্বী গৰাকীয়ে। আনহাতে অহা ১৪ অক্টোবৰত গুৱাহাটীৰ পৰা যাবলগীয়া ৭১ জনীয়া দলটোক বন বিভাগৰ সমূহ বনকৰ্মীৰ হৈ অসম বন কৰ্মচাৰী সন্থাৰ সভাপতি হোমেন পেগু , সাধাৰণ সম্পাদক ৰাহুল বৰা, সহকাৰী সাধাৰণ সম্পাদক আব্দুল ৰচিদ, বিত্ত সম্পাদক ঘনশ্যাম দাস ( জোন) , কাৰ্যালয় সম্পাদক নিৰ্মল বৰ্মন, গুৱাহাটী জিলা সমিতিৰ সভাপতি জয়ন্ত কলিতা আৰু সাধাৰণ সম্পাদক প্ৰহ্লাদ গায়নে এটা বিবৃতিত প্রতিযোগীসকলক শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকে যাতে উক্ত ক্রীড়া সমাৰোহত নিজ নিজ দক্ষতা তথা বিচক্ষণতা প্ৰদৰ্শন কৰি ভাল ফলাফল অর্জনেৰে অসমৰ পৰিৱেশ আৰু বন বিভাগলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ কামনা কৰিছে।

Comments (0)
Add Comment