২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা

২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা

ভাৰত চৰকাৰৰ কৃষি আৰু খেতিয়ক কল্যাণ মন্ত্ৰ্যালয় আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ দ্বাৰা সমগ্ৰ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ কৰা হ’ব। কেন্দ্ৰীয় কৃষি, খেতিয়ক কল্যাণ আৰু গ্ৰাম্য উন্নয়নৰ সন্মানীয় মন্ত্ৰী শিৱরাজ সিং চৌহানে ঘোষণা কৰে যে এই অভিযান ২৯ মে’ৰ পৰা ১২ জুনলৈ অসমসহ দেশৰ ৭০০তকৈ অধিক জিলাত অনুষ্ঠিত হ’ব। এই সময়ছোৱাৰ ভিতৰত কৃষি বিজ্ঞানী আৰু মন্ত্ৰ্যালয়ৰ বিষয়াসকলে স্থানীয় কৃষি কৰ্মীসকলৰ সৈতে দল গঠনৰ মাধ্যমেৰে প্ৰতিদিনে গাঁও গাঁওলৈ গৈ, খেতিয়কৰ সৈতে সু সম্পৰ্ক স্থাপন কৰি, সজাগতা বৃদ্ধি কৰিব লগতে কৃষি-সম্পৰ্কীয় বিভিন্ন পৰামৰ্শ দিব । এই অভিযানৰ উদ্দেশ্য হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘ল্যাব টু লেণ্ড মন্ত্রক বাস্তৱ ৰূপ দিব। আধুনিক আৰু মডেল কৃষি প্ৰচাৰৰ লগতে, এই পদক্ষেপটো “এক ৰাষ্ট্ৰ, এক কৃষি, এক দল” লক্ষ্যৰ দিশে আগবঢ়াৰ অন্যতম অংশ । আনহাতে কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ১২ মে’ত এই বিষয়ত এটা উচ্চ স্তৰৰ বৈঠক আয়োজন কৰিছিল। নতুন দিল্লীত অনুষ্ঠিত উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰিছিল । অসমসহ দেশৰ ৭৩১ টা কৃষি বিজ্ঞান কেন্দ্ৰ , ভাৰতীয় কৃষি অনুসন্ধান পৰিষদৰ অসমসহ দেশৰ ১০০তকৈ অধিক কেন্দ্ৰ , বিভিন্ন কৃষি প্ৰতিষ্ঠান আৰু কৃষি মন্ত্ৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকলে বৈঠকত ভাগ লৈছিল। ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰণালয়ৰ সচিব দেৱেশ চতুৰ্বেদী আৰু ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ, নতুন দিল্লীৰ মহা প্ৰবন্ধক , ডঃ এম এল জাটো বৈঠকত উপস্থিত আছিল। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী চৌহানে কয় যে এই সৃষ্টিশীল আৰু উচ্চাকাংক্ষী অভিযানৰ মূল উদ্দেশ্য হৈছে আমাৰ কৃষিক উন্নত আৰু বিকশিত কৰা, যাতে খেতিয়কসকলে এই সিদ্ধান্ত পৰা লাভবান হয়। অভিযানৰ সময়ছোৱাত খেতিয়কসকলক উন্নত প্ৰযুক্তি, নতুন জাতৰ বীজ আৰু চৰকাৰী আঁচনিৰ বিষয়ে সজাগ কৰা হ’ব।লগতে প্ৰাকৃতিক কৃষিৰ বিষয়ে প্ৰচাৰ কৰা হ’ব।কৃষি বিজ্ঞান কেন্দ্ৰ, ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ আৰু ভাৰতীয় কৃষক সাৰ সহকাৰিতা লিমিটেড আদি সংস্থাই ড্ৰোন প্ৰযুক্তিৰ প্ৰদৰ্শনী আগবঢ়াব।
আই চি টিৰ (তথ্য আৰু যোগাযোগ প্ৰযুক্তি) ব্যাপক ব্যৱহাৰৰ জৰিয়তে সচেতনতা বৃদ্ধি কৰা হ’ব।তেওঁ কৃষি বিজ্ঞানীসকলক মনে প্ৰাণে এই অভিযানত অংশগ্ৰহণৰ বাবে আহ্বান জনায়।

Comments (0)
Add Comment