মাৰ্কশ্বিট- মুক্তি পাব অতি শীঘ্ৰে

মাৰ্কশ্বিট- মুক্তি পাব অতি শীঘ্ৰে

WhatsApp Image 2018-02-20 at 4.55.44 PM
অহা ২ মাৰ্চত চিত্ৰগৃহলৈ আহিব শিশুকেন্দ্রিক অসমীয়া চলচ্চিত্র ‘মাৰ্কশ্বিট’। এটি শিশুৰ মানসিক অৱস্থাক আধাৰ হিচাপে লৈ ৰচনা কৰা ছবিখনৰ কাহিনী অনুসৰি পঢ়া-শুনাক লৈ অনবৰতে দেউতাকৰ পৰা কটু কথা শুনিবলগীয়া হােৱা বাবু নামৰ কেন্দ্ৰীয় চৰিত্ৰটোৱে ছমহীয়া পৰীক্ষাত কম নম্বৰ লাভ কৰাৰ বাবে দেউতাকক দেখুৱাবলৈ ভয় কৰে পৰীক্ষাৰ মাৰ্কশ্বিট। সেয়ে সি ভয়ত ঘৰৰ পৰা পলাই যােৱাৰ কথা ভাবে আৰু লগ পায় আজাদ নামৰ এটি অনাথ শিশুক। আজাদে তাক আইতাকৰ ঘৰলৈ পলাই যােৱাত সহায় কৰে। কিন্তু ভবামতে সিদ্ধি নহয় ঘটনাবােৰ।

WhatsApp Image 2018-02-20 at 4.54.59 PM

এটা সহজ-সৰল বিষয় অথচ চিন্তনীয় বিষয়ক চলচ্চিত্ৰৰ ৰূপ দিয়া মাৰ্কশ্বিট’ৰ কাহিনী-চিত্ৰনাট্য-সংলাপ হিমজ্যোতি তালুকদাৰৰ। এ এম টেলিভিশ্বনৰ বেনাৰত অসমৰ বিশিষ্ট প্রযােজক সঞ্জীৱ নাৰায়নে প্রযােজনা কৰা তথা এনাজৰী টকিজ আৰু এইচ ডি আৰ ক্রিয়েচনে সহঃপ্ৰযােজনা কৰা ছবিখন পৰিচালনা কৰিছে ৰতনশীল শৰ্মাই। চিত্ৰগ্ৰহণ কৰিছে দীক্ষিত দাসে। সংগীত পৰিচালনা তৰালী শৰ্মাৰ। ছবিখনিৰ মুখ্য চৰিত্ৰসমূহত অভিনয় কৰিছে ক্ৰমে শিশুশিল্পী আদিত্য মল্ল বুজৰবৰুৱা, অভিজিত চৌধুৰী, প্রণামী বৰা, জিণ্টু কলিতা, দিব্যজ্যোতি শইকীয়া আদি। উল্লেখ্য যে উত্তৰপূবৰ সৰ্ববৃহৎ মেগা ইভেণ্ট ‘প্ৰাগ চিনে এৱাৰ্ড-২০১৬’ত ‘মাৰ্কশ্বিট’এ মুঠ ছটা শিতানত বঁটাৰ বাবে মনােনয়ন লাভ কৰি শ্ৰেষ্ঠ নৱাগত পৰিচালক, শ্ৰেষ্ঠ পুৰুষ কণ্ঠশিল্পী আৰু জুৰিৰ বিশেষ উল্লেখ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

হেমন্ত শৰ্মা

Comments (0)
Add Comment