৫বজাৰ লগে লগে অন্ত পৰিল উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া

৫বজাৰ লগে লগে অন্ত পৰিল উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া

আজি উপ নিৰ্বাচন।পুৱা ৭ বজাৰ পৰা ৰাজ্যৰ ৫টা সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ`ল।এই উপ নিৰ্বাচনে ৩১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব।গোসাইগাঁও, ভবানীপুৰ, তামুলপুৰ, মৰিয়নি আৰু থাওৰা সমষ্টিত অনুষ্ঠিত হ`ল ভোটগ্ৰহণৰ প্ৰক্ৰিয়া।আজি পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটদান প্ৰক্ৰিয়া আৰু সন্ধিয়া ৫ বজাত অন্ত পৰিব।পাঁচটা সমষ্টিৰ মুঠ ৭ লাখ ৯৬হাজাৰ ৪৫৬জন ভোটাৰৰ ভিতৰত ৪লাখ, ০৩,৩৭৪ পুৰুষ ভোটাৰ, ৩লাখ ৯৩,০৭৮গৰাকী মহিলা ভোটাৰৰ লগতে ৩জন তৃতীয় লিংগৰ ভোটাৰ আছে।ভোটকেন্দ্ৰসমূহৰ ভিতৰত তামুলপুৰ সমষ্টিত সৰ্বাধিক ২লাখ,১৭,৪৩২জন ভোটাৰ থকাৰ বিপৰীতে থাওৰাত সৰ্বনিম্ন ভোটাৰৰ সংখ্যা হ’ল ১লাখ, ১৫,৯৭১জন ভোটাৰ আছে।

Comments (0)
Add Comment