৫৭৬ তম গুৰু জন্ম জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱা আকাশ বতাহ

৫৭৬ তম গুৰু জন্ম জয়ন্তী উৎসৱত হৰি নামৰে মুখৰিত বটদ্ৰৱা আকাশ বতাহ

এক বৰ্ণিল সাংস্কৃতিক শুভাযাত্রাই আজি জিলিকাই তুলিলে বটদ্ৰৱাৰ সমগ্ৰ অঞ্চলক ৷যত অংশ ললে সহাস্ৰাধিক আবাল বৃদ্ধ বনিতাই৷পৰাম্পৰাগত সাজ পোছাকৰে প্ৰতিজন ভকত বৈষ্ণৱে সাংস্কৃতিক শোভাযাত্ৰাত অংশ লোবা দৃশ্য আছিল অতি আকৰ্ষনীয়৷আয়তীৰ উৰুলী ,শঙ্খ ডবা কাহৰ লগতে হৰি নামৰ ধ্বনিৰে আজি মুখৰিত হল বটদ্ৰৱা আকাশ বতাহ৷উল্লেখ্য যে গুৰুজনাৰ পবিএ জন্মস্হান বটদ্ৰৱাত বিগত বছৰ সমুহৰ দৰে এইবাৰো বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উদ্যোগত তিনিদিনীয়া বণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হয় ৫৭৬তম গুৰু জন্ম জয়ন্তী উৎসৱ৷এই উপলক্ষে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে যুগুত কৰি উলিওৱা প্ৰথম দিনাৰ কাৰ্যসুচী অনুসৰি পুৱা অনুষ্ঠিত হয় তাল কোবোৱা প্ৰসংগ,দুই সএৰ ভকত বৈষ্ণৱৰ দ্বাৰা উষা কীৰ্তন আৰু মঞ্জৰা নামৰ লগতে আইসকলৰ নাম৷ইফালে ১১ বজাত এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়৷এই সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপ সভাপতি অম্লানজ্যোতি দেব গোস্বামীয়ে ৷ সন্ধিয়া ৬বজাত ৫৭৬ গছি বন্তিৰে উজ্বলাই তুলা হয় থান চৌহদ ৷নিশা ৯বজাৰ পৰা বটদ্ৰৱা দুই সত্ৰৰ যুবক বৃন্দৰ দ্বাৰা শ্ৰী কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়ান ভাওনা অনুষ্ঠিত হব৷

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment