৭৫ টা ডিজিটেল বেংক শাখা দেশবাসীলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

৭৫ টা ডিজিটেল বেংক শাখা দেশবাসীলৈ উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশৰ ৭৫ খন জিলাৰ ৭৫ টা ডিজিটেল বেংক শাখা ভাৰ্চুৱেল ব্যৱস্থাৰে উদ্ধোধন কৰে। ইয়াৰ ভিতৰত বাক্সা জিলাৰ মুছলপুৰৰ বেলগুৰি পথাৰ শাখাটোও আছে। কালি এই উপলক্ষ্যত শাখাটোত আয়োজিত এক অনুষ্ঠানত বিত্ত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে বেংকিং সেৱাৰ ক্ষেত্ৰত আজিৰ দিনটো দেশৰ বাবে ঐতিহাসিক বুলি অভিহিত কৰে। বেংক সেৱাৰ ক্ৰমবৰ্ধমান ‘ডিজিটেলাইজেশ্যন’ দেশীয় অৰ্থনীতিৰ বাবে সুদূৰপ্ৰসাৰী, ইতিবাচক ইংগিত বুলি তেওঁ মত প্ৰকাশ কৰে। আগন্তুক ২৫ বছৰত ২৫ ত্ৰিলিয়ন ডলাৰ অৰ্থনীতি হ’বলৈ ভাৰতে দেখা সপোনৰ বাটত বেংক সেৱাৰ ‘ডিজিটেলাইজেশ্যন্‌’ৰ উল্লেখযোগ্য ভূমিকা আছে বুলিও তেঁও লগতে দোহাৰে।
এই অনুষ্ঠানত বিত্তমন্ত্ৰী নেওগৰ উপৰি হস্ত-বস্ত্ৰতাঁত আৰু বড়োলেণ্ড উন্নয়ন মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম, সাংসদ নৱ কুমাৰ শৰণীয়া, ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ উপৰি ষ্টেট বেংকৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত থাকে।

Comments (0)
Add Comment