ৰঙিয়াত মুখ্যমন্ত্ৰীৰ বিকাশৰ এদিন কাৰ্যসূচী ৰূপায়ণ

ৰঙিয়াত বিকাশৰ এদিন শীৰ্ষক কাৰ্যসূচী ৰূপায়ণৰ লক্ষ্যৰে আজি উপস্থিত হয় মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।প্ৰায় ৫ কোটি টকাৰ ব্যয় সাপেক্ষে মুঠ ২৩ টা বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা আৰু শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে।অসমৰ ভিতৰতে প্ৰথমটো সংহত মহকুমাধিপতি কাৰ্য্যালয়ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত‌ অনুষ্ঠিত এখন জনসভাক সম্বোধন কৰে আৰু বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে।কাৰ্যসূচী উপলক্ষে সমবেত হয় কেবা হাজাৰ লোক।আজি দিনৰ ১০.৪৫ বজাত ৰঙিয়াত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰঙিয়া চহৰলৈ প্ৰৱেশ কৰা ১৪ কোটি টকাৰে নিৰ্মিত ১.২২৯ দৈৰ্ঘৰ নৱ নিৰ্মিত পথটো মুকলি কৰে।ইয়াৰ পিচতে মুখ্যমন্ত্ৰী গৰাকীয়ে ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বীৰদত্ত ভৱনত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন-কী-বাত অনুষ্ঠানত অংশ গ্ৰহণ কৰে ।মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক তথা বিজেপি দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা ,সাংসদ দিলীপ শইকীয়া ,ভুৱনেশ্বৰ কলিতা,পবিত্ৰ মাৰ্ঘেৰিটা,বিধায়ক দিগন্ত কলিতা আৰু সুমণ হৰিপ্ৰিয়াই।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Comments (0)
Add Comment