ৰঙিয়াত বিজেপিৰ স্বচ্ছতা অভিযান আৰু স্বচ্ছ সৈনিক সন্মান কাৰ্যসূচী অনুষ্ঠিত

ৰঙিয়াত বিজেপিৰ ৪২ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি স্বচ্ছতা অভিযান আৰু স্বচ্ছ সৈনিক সন্মান কাৰ্যসূচী অনুষ্ঠিত হয়। বিজেপি উত্তৰ কামৰূপ জিলাৰ উদ্যোগত আৰু ৰঙিয়া পৌৰ সভাৰ সহযোগত অনুষ্ঠিত উক্ত কার্যসূচীত স্বচ্ছ ভাৰত অভিযানত অৰিহণা যোগোৱা ৰঙিয়া পৌৰ সভাৰ কৰ্মী সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰে পিছতে কাৰ্যসূচীৰ পর্যায়ক্ৰমে ৰঙিয়া শান্তি ধামত চাফাই অভিযান চলোৱা হয়। কার্যসূচীত বিজেপি জিলা সভাপতি সুবল পাল সৈতে উপস্থিত থাকে ৰঙিয়া পৌৰ সভাৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, সকলো ৱাৰ্ডৰ পাৰিষদ, পৌৰ সভাৰ কৰ্মচাৰী আৰু বিজেপি কাৰ্যকর্তা সকল।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Comments (0)
Add Comment