ৰঙিয়াৰ হেমদোলত কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ

আজি ৰঙিয়া জিলা কাৰাটে এছোছিয়েশ্যনৰ সহযোগত আৰু আকাশ ষ্পৰ্টচ একাডেমীৰ উদ্যোগত ৰঙিয়াৰ সমীপৰ হেমদোল প্ৰাথমিক বিদ্যালয় প্ৰাঙ্গনত এটা কাৰাটে প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভ  হয় ৷ ৰঙিয়াৰ  প্ৰশিক্ষণ কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে ৰাষ্ট্ৰীয় খেলুৱৈ আৰু অসম কাৰাটে এছোছিয়েশ্যনৰ যুটীয়া সম্পাদক তথা ৰঙিয়া কাৰাটে এছোছিয়েশ্যনৰ সম্পাদক চৈয়দ মাজহাৰুল ইছলামে ৷ চহৰত সুযোগ সুবিধা বেছি যদিও বেছিভাগ গাৱৰ পৰা যোৱা প্ৰতিভাহে ক্ৰীড়া জগতখন উজলাই ৰাখিছে বুলি  তেখেতে বক্তব্য ৰাখে৷

সমাজ সংগঠক হেমন্ত কলিতাই আঁত ধৰা শুভাৰম্ভ অনুষ্ঠানটিত অংশগ্ৰহণ কৰে প্ৰশিক্ষক ভূপেন নমশুদ্ৰ আৰু অজন্তা দাস , আকাশৰ বিপুল কাকতি , ধ্ৰুৱজ্যোতি কলিতা, নিপন দত্ত কলিতা , প্ৰণিতা কলিতা , চুমিতা শীল , বন্দনা বৈশ্য আৰু বহুকেইজন স্থানীয় ক্ৰীড়ানুৰাগীয়ে ৷

ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাৰ ৰিপৰ্ট

Comments (0)
Add Comment