ৰঙিয়াৰ ৪৪ নং জয়ন্তীপুৰ বুনিয়াদী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত বিশ্ব পৰিবেশ দিৱস উদযাপন

বিগত বছৰৰ দৰে এইবাৰো কবি অৰণ্যম কাশ্যপৰ নেতৃত্বত তথা মনীষ জৈন,মনোজ কাকতি ,কৌশিক কলিতা, হৰমোহন শীল আৰু জয়ন্তীপুৰ গাওবাসীৰ সহযোগত ৪৪ নং জয়ন্তীপুৰ বুনীয়াদী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ পৰিবেশ দিৱসৰ কাৰ্যসুচী অনুযায়ী শিশু তথা ছাত্ৰ -ছাত্ৰীসকলৰ মাজত ’পৰিবেশ ৰক্ষা কৰো আহক’ শীৰ্ষক এলানী বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ প্ৰতিযোগিতাৰ ১ম পুৰস্কাৰ শ্ৰীসুভম কাশ্যপ,২য় পুৰস্কাৰ ক্ৰমে শ্ৰী অনুৰাগ কৃষ্ণ আৰু হিয়া শীল , ৩য় পুৰস্কাৰ শ্ৰীজয়শ্ৰী ডেকা লৈ আগবঢ়োৱা হয় ৷ বিজয়সকলক একোখন কিতাপ, মানপত্ৰ তথা একোটাকৈ গছপুলিৰে সন্মানিত কৰা হয়৷ লগতে প্ৰতিযোগিতাত অংশ লোৱা অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক একোখনকৈ মানপত্ৰ আৰু একোটাকৈ গছপুলি প্ৰদান কৰা হয়৷ প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকি শিক্ষক ওৱাহেদুৰ ৰহমান আৰু দিগন্ত ডেকাই পৰিবেশ দিৱসৰ প্ৰাসঙ্গিক কিছু বক্তব্য আগবঢ়ায়৷আজিৰ কাৰ্যসুচীৰ সফল পৰিসমাপ্তিৰ অন্তত অৰণ্যম কাশ্যপে জনায় যে আহি থকা সময়বোৰত শিশু সকলক পৰিবেশ সম্পৰ্কে অধিক সজাগ তথা একো একোগৰাকী সক্ৰিয় পৰিবেশ কৰ্মী হিচাপে গঢ়ি তুলিবলৈ এনেধৰণে সকলোৱে মিলি আগলৈও প্ৰচেষ্টা অব্যাহত ৰাখিব৷

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Comments (0)
Add Comment