ৰঙিয়াৰ “ৰণ্‌দিয়া (শতদল) সাহিত্য সভা”ৰ মাহটোৰ বিশিষ্ট অতিথি পদ্মশ্ৰী ড° সূৰ্য্য হাজৰিকা- সুস্থিৰ পৰিকল্পনাৰে দলবদ্ধহৈ কাম কৰিলেহে সাহিত্য সভাৰ হৃত গৌৰৱ উদ্ধাৰ হ’ব

Pৰঙিয়াৰ ৰণ্‌দিয়া (শতদল) সাহিত্য সভাই প্ৰতি মাহে অনুষ্ঠিত কৰি অহা মাহটোৰ বিশিষ্ট অতিথিৰ লগত অন্তৰঙ্গ অনুষ্ঠান এইবেলি যোৱা ৩০ মেত ৰঙিয়াৰ ঐতিহাসিক ৰঙিয়া ৰাইজমেল কৃষক ভৱনত অনুষ্ঠিত কৰে ৷ উল্লেখ্য যে প্ৰতিষ্ঠা বৰ্ষতে অসম সাহিত্য সভাৰ দ্বাৰা ক্ৰমে স্বৰ্ণ শাখা আৰু শতদল শাখাৰ মৰ্যাদা প্ৰাপ্ত ৰণ্‌দিয়া সাহিত্য সভাই প্ৰতি মাহতে বিশিষ্ট অতিথিৰ লগত অন্তৰঙ্গ অনুষ্ঠান পাতি আহিছে ৷ এই মাহৰ বিশিষ্ট অতিথি আছিল জ্যেষ্ঠ সাহিত্যিক, গৱেষক, গীতিকাৰ তথা সংগঠক পদ্মশ্ৰী ড° সূৰ্য্য হাজৰিকা ৷
ৰণ্‌দিয়া (শতদল) সাহিত্য সভা”ৰ সম্পাদক হেমন্ত কলিতাই আঁত ধৰা অন্তৰঙ্গ অনুষ্ঠানটিত ড° হাজৰিকাক ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷ লগতে অনুষ্ঠানটিত অতিথি হিচাবে অংশগ্ৰহণ কৰা সাংস্কৃতিক মহাসভা, অসমৰ সভাপতি পৱিত্ৰ কুমাৰ শৰ্মা, অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা আৰু সাহিত্যকৰ্মী হৰেশ্বৰ ডেকাকো ফুলাম গামোচাৰে আদৰণি জনায় ৰণ্‌দিয়া (শতদল) সাহিত্য সভাৰ সভ্য সকলে ৷এইবেলি আয়োজিত অনুষ্ঠানটিৰ আৰম্ভণিতে ড° সূৰ্য্য হাজৰিকাৰ দ্বাৰা নিৰ্মিত তথ্যচিত্ৰ “চিৰ চেনেহী মোৰ ভাষা জননী” প্ৰদৰ্শন কৰা হয় ৷ তথ্যচিত্ৰখনিত অসমীয়া ভাষা সংস্কৃতিৰ উত্থান পতনৰ ঘটনাৰাজীৰ লগতে ১৮ শতিকাৰ পৰা যোৱা সময়চোৱালৈ ভাষা সাহিত্য তথা সাহিত্য সভাৰ অধিৱেশনবোৰৰ সম্যক ধাৰণা হাতী মাৰি ভুৰুকাত ভৰোৱাৰ লেখিয়াকৈ উপস্থাপন কৰা হৈছে ৷
অনুষ্ঠানটিত পদ্মশ্ৰী ড° হাজৰিকাই তেখেতৰ পিতৃ পুৰুষৰ পৰা আৰম্ভ কৰা নিজা প্ৰকাশন থকা হেতু কিতাপৰ মাজতেই নিজৰ জীৱনৰ আদিপাঠ আৰম্ভ হৈ আজিকোপতি তেখেতৰ লেখা মেলা , সম্পাদনা তথা প্ৰকাশন আদিৰ কথাৰে আৰম্ভ কৰি কৰ্মজীৱনৰ লগতে নিজৰ বিভিন্ন অভিজ্ঞতাৰ কথা অৱগত কৰে ৷ ভাৱ বিনিময়ৰ অনুষ্ঠানটিত প্ৰায় আটাইৰে লগত অতি অন্তৰঙ্গতাৰে কথা পাতি সভ্যসকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত ড° হাজৰিকাই কয় যে সুপৰিকল্পিতভাৱে এটি উদ্যমী আৰু উৎসাহী কৰ্মীৰ জৰিয়তে দলগত প্ৰচেষ্টাতহে সাহিত্য সভাৰ বিগত সময়চোৱাত হৃত গৌৰৱ আকৌ উভতাই আনিব পৰা যাব ৷ সমাজ জীৱনৰ যিকোনো ক্ষেত্ৰৰ ব্যক্তিয়ে অসমীয়া ভাষা সাহিত্যৰ উন্নতিত অৰিহণা যোগাব পাৰে আৰু যোগাই আহিছেও ৷ কথা প্ৰসংগত ডা° হাজৰিকাই ৰণ্‌দিয়া সাহিত্য সভা ৰঙিয়াই প্ৰতিষ্ঠা বৰ্ষতে সাহিত্য সভাৰ দ্বাৰা ক্ৰমে “স্বৰ্ণশাখা” আৰু “শতদল” শাখা হিচাবে স্বীকৃতি পোৱাটো এক অভিলেখৰ লগতে আদৰ্শণীয় কাম আৰু নৱ প্ৰজন্মক আগবঢ়াই আনি ভাষা সাহিত্য আৰু সংস্কৃতিৰ চৰ্চা কৰাৰ সুযোগ দি ৰণ্‌দিয়া (শতদল) সাহিত্য সভাই অসম সাহিত্য সভাৰ মজিয়াত এক সুকীয়া আসন দখল কৰা বাবে শাখাটিৰ সমুহ কৰ্মকৰ্তাৰ শলাগ লৈ অভিনন্দন জ্ঞাপন কৰে ৷ লগতে “ৰণ্‌দিয়া (শতদল) সাহিত্য সভাৰ বিগত সময়চোৱাৰ কাম কাজ আন আন শাখা সমুহৰ বাবে অনুকৰণীয় হৈ ৰ’ব বুলি মন্তব্য প্ৰকাশ কৰে ৷ ড° ভুপেন হাজৰিকাদেৱৰ লগত কটোৱা প্ৰায় ৪০ বছৰীয়া সান্নিধ্যৰ কথা দোহাৰি হাজৰিকাই কয় যে ভুপেন হাজৰিকাৰ জীৱন সাধনা সম্পূৰ্ণৰূপে সম্পাদনা কৰা কাৰো বাবেই সম্ভৱ নহয় ৷ তথাপি যিমানখিনি পাৰি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ অনুষ্ঠানটিত উপস্থিত থকা আন এগৰাকী অতিথি সাংস্কৃতিক মহাসভা, অসমৰ সভাপতি পৱিত্ৰ কুমাৰ শৰ্মাই নিজৰ মনোভাৱ প্ৰকাশ কৰি কয় যে বিগত কেইবছৰমানৰ পৰা সাহিত্য সভাৰ কাম কাজত কিছু স্থবিৰতা আহিছিল ৷ লক্‌ডাউনৰ সময়চোৱাত ইয়াৰ প্ৰভাৱ বাৰুকৈয়ে পৰিছিল ৷ কিন্তু সেই স্থবিৰতাৰ মাজতে প্ৰতিষ্ঠা বৰ্ষতে স্বৰ্ণ আৰু শতদল শাখাৰ মৰ্যাদা লাভ কৰা ৰণ্‌দিয়া সাহিত্য সভাই সমগ্ৰ সাহিত্যানুৰাগীসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে আৰু সাহিত্যসভাক গণমুখীকৰণৰ বিৰল দৃষ্টান্ত দাঙি ধৰিছে ৷ ভৱিষ্যতেে ৰণ্‌দিয়া শাখাৰ কাৰ্যসূচীসমুতো তেখেতৰ সহযোগ থাকিব বুলি ঘোষণা কৰে ।
প্ৰায় তিনিঘণ্টাযোৰা অনুষ্ঠানটিত উদীয়মান কণ্ঠশিল্পী বনশ্ৰী দেৱীয়ে ড° সূৰ্য্য হাজৰিকাৰ ৰচিত গীত এটি পৰিবেশন কৰি অনুষ্ঠানটি অধিক প্ৰাণৱন্ত কৰি তোলে ৷
ৰণ্‌দিয়া সাহিত্য সভাৰ আজীৱন সভ্যসকলৰ উপৰিও অনুষ্ঠানটিত উপস্থিত থাকে জেষ্ঠ্য সাংবাদিক মুকুল কলিতা , ৰঙিয়াৰ ৰীতা শৰ্মা মহাবিদ্যালয়ৰ অধ্যক্ষ ৰুণুমী দত্ত ডেকা, দক্ষিণ পাণ্ডুৰী সাহিত্য সভাৰ সম্পাদক চৰিফুল হুছেইন, অনিল চন্দ্ৰ দাস , কৈলাস বেজবৰুৱা, তামুলপুৰৰ সাহিত্য সাংস্কৃতিক কৰ্মী অভিজিত দাস , কামিনী বৈশ্য, মৃগেন লহকৰ, লোহিত চন্দ্ৰ কলিতা, ধ্ৰুৱজ্যোতি কাশ্যপ, নয়নমণি ডেকা, মনোজ কুমাৰ নাথ, আৰু বহুকেইজন সাহিত্যানুৰাগীয়ে ৷ তাৰ মাজতে কেইগৰাকীমান সভ্যক অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় ৷
শেষত সভাপতি প্ৰতুল ভূঞাই আটাইলৈ শলাগৰ শৰাই আগবঢ়াই অসম সাহিত্য সভাৰ প্ৰতি সকলোৰে আগ্ৰহ আৰু আন্তৰিকতা আহ্বান কৰি অনুষ্ঠানটিৰ সফল সমাপন ঘোষণা কৰে ৷

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৱালাই

Comments (0)
Add Comment