ৰথ যাত্ৰা অনুষ্ঠান

ৰথ যাত্ৰা অনুষ্ঠান

IMG-20170625-WA0031

বিশ্ব শান্তিৰ বাবে ভগৱানৰ ওপৰত আস্থা, বিশ্বাস লগতে ভক্তিৰ ভাব ৰাখিব লাগে। ভক্তিৰ মাধ্যমেৰে হে ভগৱানক পাব পাৰি। এই মন্তব্য পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ। আজি জগন্নাথ ৰথযাত্ৰাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য কৰে। জগন্নাথ ৰথযাত্ৰা হ’ল ইস্কন সকলৰ  এক অনুষ্ঠান। পুৰীৰ জগন্নাথ ৰথ যাত্ৰাত বহুতো ভক্তপ্ৰাণ লোকে অংশগ্ৰহণ কৰিব বিচাৰে যদিও বিভিন্ন জনে বিভিন্ন কাৰণত ৰথযাত্ৰাত অংশগ্ৰহণ কৰিব নোৱাৰে। সেয়েহে উত্তৰ পূবৰ লোক সকলৰ প্ৰতি প্ৰতিবছৰে ৰথযাত্ৰা অনুষ্ঠিত কৰি আহিছে।

IMG-20170625-WA0032

উল্লেখযোগ্য যে ইস্কন গুৱাহাটীয়ে ১৬ বছৰে সম্পূৰ্ণ একক প্ৰচেষ্টাত এই অনুষ্ঠান উদযাপিত কৰি আহিছে। অনুষ্ঠানটো মংগলাচৰণ আৰু বৰগীতে আৰম্ভ হয়। ইয়াৰ পিছতে ভগৱানৰ ভক্তিৰসৰ তত্ব কথাৰে বিভিন্নজনে মত ব্যক্ত কৰে। মন কৰিবলগীয়াযে মহানগৰীৰ উলুবাৰীৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনৰ পৰা জয়া নগৰৰ ইস্কন মন্দিৰলৈ ৰথযাত্ৰা হয়। উদ্বোধনী অনুষ্ঠানত বিধায়ক সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, পিপাৰচেনীয়া, ৰাচিয়াৰ তিনিগৰাকী বিদেশী ভক্ত আৰু বিভিন্ন জন ভক্তই অংশগ্ৰহণ কৰে।

IMG-20170625-WA0033

Comments (0)
Add Comment