ৰয়িঙৰ বলুং গাঁৱত সুধাকণ্ঠৰ এশ বছৰীয়া জন্ম জয়ন্তী উদযাপন-অসম-অৰুণাচলৰ প্ৰেম আৰু ভ্ৰাতৃত্বৰ এনাজৰী- চেলফি পইন্ট উদ্বোধন

বিশ্ব বিশ্ৰুত জনতাৰ শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এশ বছৰীয়া জন্ম জয়ন্তী সূৰ্য উঠা দেশ অৰুণাচলৰ ল’ৱাৰ দিবাং ভেলী জিলাৰ বলুঙৰ তেওঁৰ ঘনিষ্ঠ অৰুণাচলী বন্ধু, অৰুণাচলৰ প্ৰাক্তন বিধায়ক, সমাজকৰ্মী প্ৰয়াত গৌৰা পাৰ্টিনৰ পৰিয়ালৰ আতিথ্যত তথা তিনিচুকীয়া জিলাৰ মাকুমৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান “সূৰ্যোদয়”, তিনিচুকীয়া সক্ৰিয় শিল্পী মঞ্চ, শদিয়া শিল্পী সমাজ আৰু অসম-অৰুণাচল সমন্বয়ৰক্ষী সমিতিৰ সৌজন্যত বলুংত উদযাপন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে “সূৰ্যোদয়”ৰ সৌজন্যত নিৰ্মাণ কৰা “অসম-অৰুণাচলৰ প্ৰেম আৰু ভ্ৰাতৃত্বৰ এনাজৰী” নামৰ চেলফি পইন্ট উদ্বোধন কৰে ল’ৱাৰ দিবাং ভেলী জিলাৰ আয়ুক্ত ফাউৰামেন ব্ৰহ্মই। সহযোগ কৰে শদিয়া সমজিলাৰ আয়ুক্ত চৈয়দ ৱাচবিৰ সুভানীয়ে। চেলফি পইন্ট উদ্বোধন কৰি আয়ুক্ত ব্ৰহ্মই অসম-অৰুণাচলৰ যুগজয়ী সম্বন্ধক অটুট ৰাখিবলৈ সকলোকে আহবান জনায়। শদিয়া সমজিলাৰ আয়ুক্ত সুভানীয়ে নিজৰ বক্তব্যত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অৱদানে অসমৰ সাংস্কৃতিক জগতখনক জীপাল কৰিছে বুলি মন্তব্য কৰে। সুধাকন্ঠৰ প্ৰতিমূৰ্তিত এশ গছি বন্তি প্ৰজ্বলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে অৰুণাচল প্ৰদেশৰ ৪২ নং ডাম্বুক বিধানসভা সমষ্টিৰ বিধায়ক পুণ্য আপুমে। স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছতেই অসম-অৰুণাচলৰ শিল্পীৰ সৌজন্যত সমবেত সংগীত পৰিৱেশন কৰা হয়। আদৰণি ভাষণ প্ৰদান কৰে গৌৰা পাৰ্টিনৰ পুত্ৰ অধিবক্তা টনি পাৰ্টিনে। অনুষ্ঠানত বলুঙৰ সমন্বয় ক্ষেত্ৰৰ সন্দৰ্ভত বিস্তৃত বাখ্যা দাঙি ধৰে “সূৰ্যোদয়”ৰ সঞ্চালক অখিল চন্দ্ৰ বৰুৱাই। সংগীত নাটক একাডেমি বঁটা প্ৰাপক অৰুণাচলৰ অলেন মিগু ডমিনে সুধাকণ্ঠৰ গীতেৰে অনুষ্ঠানটি মুখৰিত কৰি তোলে। অসম-অৰুণাচলৰ শিল্পীসকলে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতেৰে সমন্বয়ৰ বাৰ্তা প্ৰসাৰিত কৰি তোলে। অসম-অৰুণাচল সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক মিবম পাৰ্টিন আৰু সভাপতি গুনীন চুতীয়াই দুয়োখন ৰাজ্যৰ সমন্বয়ৰ সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে। পৰৱৰ্তী পৰ্যায়ত সূৰ্যোদয়, শদিয়া শিল্পী সমাজ, তিনিচুকীয়াৰ সক্ৰিয় শিল্পী মঞ্চ আৰু অসম-অৰুণাচল সমন্বয়ৰক্ষী সমিতিৰ শিল্পীসকলে ভূপেনদাৰ গীতেৰে অনুষ্ঠানটো জীপাল কৰি তোলে। অনুষ্ঠানত শদিয়া শিল্পী সমাজৰ সভাপতি হেমন্ত কুমাৰ দেউৰী, শিল্পী পূৰ্ণেন্দু দাস, জ্যোতিপ্ৰসাদ দাস, “সূৰ্যোদয়”ৰ সভানেত্ৰী ভাৰতী বৰা, দিলীপ কাকতি, উৎপল দুৱৰা, ডায়মণ্ড পাটোৱাৰী, মধুমিতা পাটোৱাৰী, মুনমুন বৰা আদি শিল্পীসকলে গীত পৰিৱেশন কৰে। অনুষ্ঠানত অৰুণাচল চৰকাৰৰ অৱসৰপ্ৰাপ্ত উচ্চপদস্থ বিষয়া বাটেম পাৰ্টিনে ভূপেন হাজৰিকাৰ জন্মৰ লগতে বলুং গাঁৱৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বিষয়ে যথেষ্টখিনি তথ্য দাঙি ধৰে। শলাগৰ শৰাই আগবঢ়াই অসম-অৰুণাচল সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক মিবম পাৰ্টিনে।

Comments (0)
Add Comment