ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি

ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি

অসম চৰকাৰে বন আৰু পৰিবেশ বিভাগে বিভাগটোক আধুনিকৰণৰ লক্ষ্যৰে অত্যাধুনিক প্ৰযুক্তিৰ সমাহাৰৰে গতিশীল কৰি পৰিবৰ্তিত পৰিস্থিতিৰ সৈতে যাতে খাপ খুৱাই চলিব পাৰে তাৰ বাবে কেতবোৰ ফলপ্ৰসু ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংশহিচাপে আজি বন বিভাগৰ গুৱাহাটীৰ বশিষ্ঠস্থিত বন গৱেষণা (Silviculturist, Assam) কাৰ্যালয়ৰ উদ্যোগত কাৰ্যালয় চৌহদত আয়োজিত এক অনুষ্ঠানত বন বিভাগৰ এটা ৱেব পৰ্টেল আৰু এটা মবাইল এপ মুকলি কৰা হয়। ৱেব পৰ্টেল আৰু মবাইল এপটো মুকলি কৰে অসম চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক তথা বন বাহিনীৰ মূৰব্বী সঞ্জীৱ কুমাৰে। অনুষ্ঠানত বন বিভাগৰ কেম্পা কাৰ্যসূচীৰ মুখ্য কাৰ্যবাহী বিষয়া সত্যেন্দ্র সিঙকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া উপস্থিত থাকে।আনহাতে অনুষ্ঠানত অসমৰ বিভিন্ন স্থানত শতবৰ্ষৰ আয়ুস গৰকা এশ জোপা বিভিন্ন প্ৰজাতিৰ বৃক্ষৰ তথ্যৰ লগতে চিত্ৰৰ সমাহাৰেৰে এখন “Heritage Trees of Assam” শীর্ষক কফিটেবল বুক , “Valuation of Forest Ecosystem Services on Garbhanga Reserve Forest”, “A report on Araceae,” “Nursery Technique of tree Species, A Comprehensive Guide to the Accreditation of Forest Nurseries” নামৰ কেবাখনো তথ্যভিত্তিক গ্রন্থ উন্মোচন কৰা হয়। উল্লেখ্য যে মুকলি কৰা পৰ্টেলটো হল বন পাৰিপাশ্বিকতাৰ সম্পৰ্কীয়। সেইটো হল greenguru.co.in । মবাইল এপটো হল “Flora Track।
এতিয়াৰে পৰা পৰ্টেলৰ দ্বাৰা এজন সাধাৰণ লোকেও যিকোনো গছ চিনাক্তকৰণ তথা অমৃত বৃক্ষ আন্দোলনৰ ব্যৱহৃত বৃক্ষৰ তথ্যৰ লগতে নিজা ভূমি উপযোগী বৃক্ষৰোপণ প্রণালী , বিভিন্ন গছৰ বাৰ্ষিক উৎপাদনৰ বাণিজ্যিক মূল্য সম্পর্কীয় তথ্য আদি আহৰণ কৰাৰ ক্ষেত্ৰত অগ্রণী ফলপ্রসু ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

Comments (0)
Add Comment