ৰাজ্যখনৰ সামগ্ৰিক খহনীয়াৰ লগতে প্ৰস্তাৱিত বান নিয়ন্ত্ৰণৰ কামসমূহৰ বিষয়ে বুজ ললে মন্ত্ৰী হাজৰীকাই

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দিছপুৰৰ জনতা ভৱনৰ নিজ কাৰ্যালয়ৰ সভাকক্ষত বিভাগীয় উচ্চ পদস্থ বিষয়া তথা মুখ্য অভিযন্তাৰ উপস্থিতিত এখন বিশেষ পৰ্যালোচনা বৈঠকত অংশ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ছেপ্তেম্বৰ মাহৰ শেষত মন্ত্ৰী গৰাকীয়ে লখিমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চল পৰিভ্ৰমণ কৰোতে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰকোপ প্ৰত্যক্ষ কৰাৰ বিপৰীতে যোৱা দেওবাৰে জাগীৰোড সমষ্টিৰ অন্তৰ্গত মায়ং গাঁও পঞ্চায়তৰ ১নং মূৰকটা অঞ্চল পৰিভ্ৰমণ কৰোতেও ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক খহনীয়া প্ৰত্যক্ষ কৰিছিল। আজি পৰ্যালোচনা কালত মন্ত্ৰী গৰাকীয়ে বিশেষকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই কালৰূপ লোৱা এই অঞ্চল দুটাত খহনীয়া ৰোধৰ বাবে লব লগীয়া ব্যৱস্থাৱলীৰ বিষয়ে বুজ লয় । উল্লেখযোগ্য যে ঢকুৱাখনাৰ চিচি টেকেলিফুটাৰ তাকাৰচুক অঞ্চলৰ খহনীয়া ৰোধৰ বাবে এটা প্ৰকল্প এইবাৰ বিভাগীয় ভাৱে প্ৰস্তুত কৰা হৈছে যদিও লখিমপুৰ, ধেমাজি তথা মাজুলীৰ ৰক্ষা কবচ স্বৰূপ ব্ৰহ্মপুত্ৰৰ এই মথাউৰিত খহনীয়া ৰোধৰ বাবে বৃহৎ তথা স্থায়ী আঁচনিৰ প্ৰয়োজনীয়তাৰ বাবে মন্ত্ৰী হাজৰীকাই জোৰ দিয়ে আৰু এই ক্ষেত্ৰত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণক বিশেষভাৱে আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। আনহাতে মায়ং অঞ্চলত কম সময়ৰ ভিতৰতে কালৰূপ ধৰা খহনীয়াত আক্ৰান্ত ব্যক্তিসকলক সহায় আগবঢ়াবৰ বাবে আৰু খহনীয়া ৰোধৰ জৰুৰী কাম হাতত লবলৈ মৰিগাঁও জিলাৰ উপায়ুক্তক এই খহনীয়াক দুৰ্যোগ ব্যৱস্থাপনাৰ অধীনত ব্যৱস্থা লোৱাৰ বাবে আবেদন কৰিবলৈও মন্ত্ৰী হাজৰীকাই বিভাগীয় অভিযন্তাক নিৰ্দেশ দিয়ে । আনহাতে অঞ্চল দুটাত স্থায়ী প্ৰতিৰোধৰ কাম আৰম্ভ নোহোৱালৈকে অস্থায়ীভাৱে হ’লেও প্ৰতিৰোধৰ কাম হাতত ল’বলৈ ব্যৱস্থা লোৱাৰ ওপৰতো আজিৰ বৈঠকত গুৰুত্ব দিয়া হয়।

আজিৰ বৈঠকতে মন্ত্ৰীগৰাকীয়ে এইবাৰৰ বানত ক্ষতিগ্ৰস্ত হোৱা জিলাসমূহত কৰিব লগা প্ৰস্তাৱিত বিভাগীয় কাম সমূহৰ বিষয়েও পৰ্যালোচনা কৰে আৰু এই কামসমূহৰ বৰ্তমানৰ স্থিতিৰ বিষয়ে বুজ লয়। আজিৰ বৈঠকত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এছ. আব্বছি, বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (FREMAA) ৰ মুখ্য কাৰ্য্যবাহী বিষয়া ডা: জীৱন বি., জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপি তথা আন বিষয়া সকল উপস্থিত আছিল।

Comments (0)
Add Comment