ৰাজ্যৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া,মুখ্য অভিযন্তাৰে মন্ত্ৰী অশোক সিংহলৰ পৰ্যালোচনা বৈঠক

অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে আজি দিছপুৰৰ নিজা কাৰ্যালয়ত ৰাজ্যখনৰ জলসিঞ্চন বিভাগৰ শীৰ্ষ বিষয়া আৰু মুখ্য অভিযন্তাসকলৰ সৈতে এক বৈঠকত মিলিত হৈ জলসিঞ্চন বিভাগৰ কাম কাজৰ সামগ্ৰিক পৰ্যালোচনা কৰে।

এই বৈঠকত মন্ত্ৰী অশোক সিংহলে মূলত জলসিঞ্চন বিভাগৰ বিভিন্ন কাম কাজ, আঁচনি ৰূপায়ন, আন্ত:গাঠনিকে ধৰি সকলো দিশৰে শেহতীয়া স্থিতিৰ সামগ্ৰিক বুজ লয়। জলসিঞ্চন বিভাগৰ কাৰ্যক্ষম হৈ নথকা আঁচনি সমূহৰ মেৰামতি কৰাৰ লগতে প্ৰয়োজন অনুসৰি ৰাজ্যখনৰ জলসিঞ্চন বিভাগৰ বৃহৎ আৰু মজলীয়া আঁচনিসমূহ চোৱাচিতা কৰি কাৰ্যক্ষম হৈ থাকিবৰ বাবে বছেৰেকীয়া বাজেট প্ৰস্তুত কৰিবলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰে।
তদুপৰি মন্ত্ৰী গৰাকীযে ওদালগুৰি জিলাৰ ধনশিৰি আৰু নগাওঁ জিলাৰ হাতীমুৰা জলসিঞ্চন আঁচনি পৰিদৰ্শন কৰিবলৈ বিভাগৰ শীৰ্ষ বিষয়া সকলক নিৰ্দেশ দিয়ে। তেওঁ কয় যে অতি পুৰণি হাতীমুৰা আঁচনিখনৰ জৰিয়তে অঞ্চলটোৰ কৃষক ৰাইজ উপকৃত হৈ আহিছে। এই আঁচনিখন বিশেষভাবে চোৱাচিতা কৰি জীয়াই ৰাখিবলৈ তেওঁ বিভাগক যাৱতীয় নিৰ্দেশ প্ৰদান কৰে। যোৱা কিছুদিন আগতে ধনশিৰি আঁচনি পৰিদৰ্শন কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বাৰিষা কালত বৃহৎ বৃহৎ বল্ডাৰ , বালি আৰু গছ আদি জমা হোৱাৰ ফলত কৃষক ৰাইজৰ খেতি পথাৰত পানী যোগান ব্যাহত হয়।যাৰ ফলত অঞ্চলটোৰ প্ৰায় ৪০,০০০ হাজাৰ কৃষক ৰাইজ ক্ষতিগ্ৰস্ত হৈছে বুলি মন্ত্ৰী গৰাকীযে মন্তব্য কৰে।তেওঁ এই আঁচনি পৰিদৰ্শন কৰি ইয়াত দেখা দিয়া সমস্যা দুৰ কৰাৰ বাবে বিভাগক দিয়া নিৰ্দেশনা অনুসৰি কামসমূহ নিষ্পত্তি কৰা হৈছেনে নাই সেই বিষয়ে মুখ্য অভিযন্তাৰ পৰা জানিব বিচাৰে।
মন্ত্ৰী অশোক সিংহলে বিভাগৰ আঁচনি সমূহত থকা খালাচি আৰু চকীদাৰসকলে ঠিকমতে তেওঁলোকৰ দায়িত্ব পালন কৰে সেই দিশত দৃষ্টি ৰাখিবলৈ তেওঁ বিভাগক অনুৰোধ জনায়।তেওঁ লগতে অভিভাৱক বিষয়া সকলক সময়ে সময়ে জিলা সমূহ পৰিদৰ্শন কৰিবলৈ আহ্বান জনায়।জলসিঞ্চন আঁচনি সমূহ সফলতাৰে চলি থকাত পানী ব্যৱহাৰ সমিতিসমূহৰ গুৰুত্বৰ কথা উল্লেখ কৰি তেওঁ কয় যে সোণাপুৰৰ মালৈবাৰিৰ কেইবাটাও আঁচনি সুন্দৰ ভাৱে চলি আছে আৰু কৃষক ৰাইজে বাৰমাহে পানী পাই আছে।তেওঁ পানী ব্যৱহাৰ সমিতি সমূহক বিশ্বাসত লৈ আঁচনি সমূহ চলাই নিয়াত গুৰুত্ব আৰোপ কৰে।
মন্ত্ৰীগৰাকীয়ে আজিৰ বৈঠকত জলসিঞ্চন বিভাগৰ বিভিন্ন সংমণ্ডল আঁচনিসমূহৰ কাম-কাজৰ গতি ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে খৰাং পৰিস্থিতিৰ পৰা উপশম পাবলৈ বিভাগে কেনে ধৰণৰ কাৰ্যপন্থা গ্ৰহণ কৰিছে সেই বিষয়ে বিভাগৰ শীৰ্ষ বিষয়াসকলৰ পৰা জানিব বিচাৰে।উল্লেখ যে আজিৰ এই পৰ্যালোচনা সভাত অতিৰিক্ত মুখ্য সচিব কে চি চমৰিয়া,জলসিঞ্চন বিভাগৰ সচিব আদিল খান,মুখ্য অভিযন্তা এফ, এম চিদ্দিকি প্ৰমুখ্যে শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।

Comments (0)
Add Comment