ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ

ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ ওচৰলৈ গুণগত, সুলভ আৰু সময়োপযোগী স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ লক্ষ্যৰে মঙলবাৰে বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ আৰু বজালী জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ ওপৰত এক উচ্চস্তৰীয় পৰ্যালোচনা সভা অনুষ্ঠিত হয়। সভাত মাতৃ-শিশুৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি চিকিৎসা আন্তঃগাঁথনি, জৰুৰীকালীন স্বাস্থ্যসেৱা, যক্ষ্মা নিয়ন্ত্ৰণ, অসংক্ৰামক ৰোগ প্ৰতিৰোধ, স্বাস্থ্য প্ৰতিষ্ঠানৰ সেৱাৰ মান উন্নয়ন আদি বিষয়ৰ ওপৰত বিস্তৃত পৰ্যালোচনা কৰাৰ লগতে প্ৰতিটো বিধানসভা সমষ্টিলৈ উন্নত স্বাস্থ্যসেৱা, বিশেষকৈ চি-ছেকচন সুবিধা সম্প্ৰসাৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়।

সভাত বিনামূলীয়া ডায়েলাইচিছ সেৱা, ১০৮ এম্বুলেন্স সেৱা, স্বাস্থ্য ক্লাব, ‘যক্ষ্মামুক্ত ভাৰত’ অভিযান, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যসূচী , ৰাষ্ট্ৰীয় কিশোৰ স্বাস্থ্য কাৰ্যসূচী, অসংক্ৰামক ৰোগ নিয়ন্ত্ৰণ কাৰ্যসূচী আদি জনস্বাস্থ্য আঁচনিসমূহৰ অগ্ৰগতি বিশদভাৱে পৰ্যালোচনা কৰা হয়। মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ অধিক হ্ৰাস, স্বাস্থ্য প্ৰতিষ্ঠানসমূহত গুণগত সেৱা নিশ্চিতকৰণ আৰু চিকিৎসা আন্তঃগাঁথনি অধিক শক্তিশালী কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰা হয়।সভাত বিদ্যালয়সমূহত স্বাস্থ্য ক্লাব গঠনৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি সন্মানীয় মন্ত্ৰীগৰাকীয়ে এই পদক্ষেপ সফলভাৱে ৰূপায়ণৰ ক্ষেত্ৰত সংশ্লিষ্ট বিধায়কসকলক সক্ৰিয় সহযোগিতা আগবঢ়োৱাৰ আহ্বান জনায়। ছাত্ৰ-ছাত্ৰীৰ মাজত স্বাস্থ্যসচেতনতা বৃদ্ধি আৰু সুস্থ জীৱনশৈলীৰ বিকাশত স্বাস্থ্য ক্লাবসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ মন্তব্য কৰে।

সভাত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাস, গুৱাহাটী চেণ্ট্ৰেল বিধানসভা সমষ্টিৰ বিধায়ক বিজয় কুমাৰ গুপ্তা, হাজো-শুৱালকুছি বিধানসভা সমষ্টিৰ বিধায়ক প্ৰকাশ দাস, বকো বিধানসভা সমষ্টিৰ বিধায়ক ৰাজু মেছ, পকা-বেটবাৰী বিধানসভা সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, চমৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু পলাশবাৰী বিধানসভা সমষ্টিৰ বিধায়ক হিমাংশু শেখৰ বৈশ্য উপস্থিত থাকে।

ইয়াৰ উপৰিও স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত-সচিব ডাঃ পি. অশোক বাবু আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মনন এছ উপস্থিত থাকি স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে ৰাজ্যৰ স্বাস্থ্য ব্যৱস্থাক অধিক জনমুখী, ফলপ্ৰসূ আৰু শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত বিস্তৃত আলোচনা কৰে।

Comments (0)
Add Comment