প্ৰতিকূল বতৰকো নেওচি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চতিয়া সমষ্টিৰ নাগশংকৰস্থিত বিশ্ব মানৰ আৰ্হিৰ ষ্টেডিয়াম মুকলি কৰি পুনৰ দহ কোটি অনুদান ঘোষণা কৰে। জামুগুৰিহাটৰ হিৰন্ময় বাৰেচহৰীয়াৰ প্ৰকল্পৰ পৰিদৰ্শন কৰাৰ পিছত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লোৱা কন্যকাত ৰাইজৰ বাবে মূল তোৰণ উন্মোচন কৰে।আনহাতে সন্ধীয়া বালিজুৰিত গোৰ্খা সমাজৰ লগত মিলিত হয়।৫১গৰাকী পুৰোহিতৰ মন্ত্ৰোচাৰণ আৰু মহিলাৰ পুষ্পবৃষ্টি,বন্তি, প্ৰজ্বলনে আদৰণি জনোৱা অনুষ্ঠানত নতুন প্ৰাথমিক স্বাস্থ কেন্দ্ৰ, এটা বজাৰ গৃহ আৰু অতি ভিতৰুৱা অঞ্চলৰ যাতায়তৰ সুবিধাৰ্থে ১৮ কি মি জুৰি নিৰ্মাণ কৰা পকী পথ মুকলি কৰে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই..
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্বভাৰ গ্ৰহণৰ পিছত প্ৰথমবাৰৰবাবে আজি দিনজোৰা কাৰ্যসুচীৰে চতিয়া সমষ্টিত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
