ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত আয়োজিত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যসূচীত ৰাজ্যপাল তথা পৰিৱেশ আৰু বনমন্ত্ৰীৰ অংশগ্ৰহণ

বিশ্ব পৰিবেশ দিৱস উপলক্ষে ৰাজ্য চৰকাৰৰ পৰিৱেশ আৰু বন বিভাগৰ উদ্যোগত আজি আমিনগাওঁস্থিত গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান (Guwahati Biotech Park)ত আয়েজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে পৰিৱেশ সংৰক্ষণত সকলোৱে ঐক্যবদ্ধভাৱে কাম কৰাটো এতিয়াৰ সময়ৰ আহ্বান বুলি দোহাৰে। ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে যে প্ৰকৃতি এতিয়া প্ৰদুষণৰ সমস্যাকে ধৰি বিভিন্ন সমস্যাৰে ভাৰক্ৰান্ত হৈছে। সেয়েহে বৰ্তমান সময়ত আমি জীৱাষ্ম ইন্ধনৰ পৰিৱৰ্তে সৌৰ শক্তিৰ দৰে অপৰাম্পৰাগত শক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব বুলিও তেওঁ কয়। বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ প্ৰকৃতি সুৰক্ষাৰ দিশত দায়বদ্ধতাৰে কাম কৰি আছে বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বৰ্তমানৰ ৰাজ্য চৰকাৰে ৰাজ্যখনৰ পৰিৱেশ সুৰক্ষাৰ দিশত লোৱা দৃঢ় পদক্ষেপৰ ফলশ্ৰুতিত ৰাজ্যখনত বন্য প্ৰাণীৰ সংখ্যা তথা সেউজ আৱৰণ বৃদ্ধি হৈছে বুলি কয়। ভাষণ প্ৰসঙ্গত তেখেতে ৰাইমনা অভয়াৰণ্যক আৰু দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰূপে কৰা ঘোষণা তথা বিভাগে হাতত লোৱা অন্যান্য কাৰ্যাৱলীৰ বিষয়েও উল্লেখ কৰে।অনুষ্ঠানত ভাষণ প্ৰদান কৰি ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ মিশ্ৰই পৰিৱেশ সুৰক্ষাৰ বাবে এতিয়া কৰ্মযজ্ঞত অৱতীৰ্ণ হোৱাৰ সময় সমাগত বুলি দোহাৰি কেৱল মাত্ৰ ৫ জুনত পৰিৱেশ দিৱস পালনৰ সলনি প্ৰতিদিনে আমি এই দিশত অহোপুৰুষাৰ্থ কৰা উচিত বুলি মন্তব্য কৰে।

কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে অনুষ্ঠানত বক্তব্য প্ৰদান কৰি কামৰূপ জিলাত সেউজ আৱৰণ বৃদ্ধিৰ বাবে অলপতে শ্যমলীমা কামৰূপ শীৰ্ষক আচঁনিখন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে শুভাৰম্ভ কৰা বুলি সদৰি কৰাৰ লগতে এই আচঁনি খনৰ অধীনত জিলাখনত ৩ বছৰৰ ভিতৰত ৩০ লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে বুলি কয়।প্ৰধান মুখ্য বন সংৰক্ষক তথা বন বাহিনীৰ মুৰব্বী এম. কে. যাদৱে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত পৰিৱেশ সংৰক্ষণৰ বিষয় বস্তু অৱলোকনেৰে এক গীতি-নাটিকা প্ৰদৰ্শন কৰাৰ উপৰি বিশিষ্ট প্ৰকৃতি সুৰক্ষাবিদ ড০ পূৰ্ণিমা দেৱী বৰ্মনক সম্বৰ্দ্ধনা জনোৱা হয়।
অনুষ্ঠানত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিৱেশ আৰু বন বিভাগ তথা প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অনুষ্ঠিত কৰা চিত্ৰাঙ্কণ প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহো বিতৰণ কৰা হয়।
অনুষ্ঠানৰ পূৰ্বে ৰাজ্যপাল আৰু বনমন্ত্ৰীয়ে গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান চৌহদত এক বৃক্ষৰোপন কৰ্যসূচীতো অংশ লয়।

বাতৰি যুগুতালে ৰঙীয়াৰ পৰা দীনেশ আগৰৱালাই।

Comments (0)
Add Comment