ৰাণীত আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস পালন -শিমলু গছৰ পুলি ৰোপণ আৰু বিতৰণ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম – মেঘালয় সীমান্তবৰ্তী ৰাণীৰ বেলগুৰিস্থিত শগুন সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে ৬ ছেপ্টেম্বৰত ৰাণীৰ আন্ধেৰিজুলীস্থিত কাৰমেল স্কুল প্ৰেক্ষাগৃহত আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস পালন কৰা হয় । এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত দৃশ্যশ্ৰাৱ্য মাধ্যমেৰে শগুন সংৰক্ষণ সম্পৰ্কত বিভিন্ন দিশ প্ৰদৰ্শন কৰা হয় । অনুষ্ঠানত শগুন সংৰক্ষণৰ দিশত বিভিন্ন ধৰণে বৰঙণি আগবঢ়োৱা লোকসকলক সম্বৰ্দ্ধনা আৰু বঁটা বিতৰণ কৰা হয় । উল্লেখ্য যে অসম চৰকাৰৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন বিভাগৰ অধীনস্থ জালুকবাৰীস্থিত অসম বন বিদ্যালয় আৰু বালিপাৰা ফাউণ্ডেচনৰ উদ্যোগত ৰাণীৰ কাষৰীয়া বিক্ৰমপুৰ গাঁৱতো উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শগুন সজাগতা দিৱস। সজাগতা দিৱসৰ অংশ হিচাপে বিক্ৰমপুৰৰ পৰা নালাপাৰালৈকে পথৰ দাঁতিত শগুণ আৰু হাৰগিলাৰ বাবে ১০০ টা শিমলু গছৰ পুলি ৰোপণ কৰা হয়। একেদৰে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বিক্ৰমপুৰ শাখা নামঘৰ চৌহদত আয়োজিত এক অনুষ্ঠানত ৰাইজৰ মাজত শিমলু আৰু ভোমোৰা গছৰ পুলি বিতৰণ কৰা হয় । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ অসম বন বিদ্যালয়ৰ সঞ্চালক ডিম্পী বৰাই ভাষণ প্ৰসংগত কয় যে– ‘বিগত বছৰবোৰত শগুনৰ সংখ্যা যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে ৷ মূলতঃ কামৰূপ জিলাত বিষক্ৰিয়াৰ ঘটনা আৰু প্ৰাকৃতিক বাসস্থান হেৰুৱাবলগীয়া পৰিস্থিতিৰ বাবে এনে হৈছে । অনুষ্ঠানত বালিপাৰা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাপক তথা বনপালক ৰঞ্জিত বৰঠাকুৰে কয়– ‘পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত শগুনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শগুণ প্ৰকৃতিৰ ৰক্ষক, আমাৰ গ্ৰহত ভাৰসাম্য ঘূৰাই অনা ভেঁকুৰ ৷ সেয়ে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত মিলাপ্ৰীতিৰে সহাৱস্থান কৰাৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিব লাগিব। অনুষ্ঠানত অসম বন বিদ্যালয়ৰ সহকাৰী বন সংৰক্ষক নিৰোদ কুমাৰ সুদ, আঞ্চলিক বন বিষয়া পাঞ্চালী হাজৰিকা , খণ্ড বন বিষয়া ৰমেন ৰাজবংশী, বনপালক জবা বেগম , প্ৰকৃতিপ্ৰেমী ব্যক্তি তথা বিক্ৰমপুৰৰ চৰকাৰী গাঁও প্ৰধান ধৰ্মেন্দ্ৰ ৰাভাকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে।

Comments (0)
Add Comment