ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন

২০২৬ চনৰ ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস গুৱাহাটীৰ খানাপাৰাস্থিত অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অত্যন্ত উৎসাহ-উদ্দীপনাৰে উদযাপন কৰা হয়। এই অনুষ্ঠানটো অসম চৰকাৰৰ কৰ্মচাৰী বিভাগ আৰু প্ৰশাসনিক সংস্কাৰ তথা প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ (ARTPPG) বিভাগৰ দ্বাৰা যুটীয়াভাৱে আয়োজন কৰা হৈছিল।

অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, আই.এ.এছ য়ে অনুষ্ঠানটোত সভাপতিত্ব কৰাৰ লগতে মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰে। ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল, বিভিন্ন বিভাগৰ বিষয়াসকলৰ লগতে অৱসৰপ্ৰাপ্ত বিষয়াসকলেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

কৰ্মচাৰী বিভাগৰ আয়ুক্ত তথা সচিব এম এচ মণিৱন্নন, আই এ এছ ৰ আদৰণি ভাষণেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ হয়। তেওঁ ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱসৰ তাৎপৰ্য উল্লেখ কৰি কয় যে প্ৰতি বছৰে এই দিৱসটো অসামৰিক সেৱাৰ বিষয়াসকলৰ জনসেৱা আৰু প্ৰশাসনৰ উৎকৃষ্টতাৰ প্ৰতি থকা দায়বদ্ধতাক পুনৰ দৃঢ় কৰাৰ উদ্দেশ্যে পালন কৰা হয়। এই দিনটোৱে নতুন দিল্লীৰ মেটকাফ হাউচত চৰ্দাৰ বল্লভভাই পেটেলে প্ৰথমটো অসামৰিক সেৱাৰ গোটক দিয়া ঐতিহাসিক ভাষণকো স্মৰণ কৰে। ই এফ চি চি বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱ, আই.এফ.এচ.-এ অসমৰ অসামৰিক সেৱাৰ বিষয়াসকলে গ্ৰহণ কৰা উৎকৃষ্ট পদক্ষেপসমূহৰ ওপৰত নথিভুক্তকৰণ আৰু গৱেষণাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বক্তব্য আগবঢ়ায়।

মুখ্য সচিবে তেওঁৰ ভাষণত ভাৰতীয় সংবিধানৰ প্ৰণেতাসকলৰ সংবিধান সভাৰ ভাষণৰ কিছু অংশ পাঠ কৰি আইনৰ গণ্ডীৰ বাহিৰতো ভাৰতীয় প্ৰশাসনীয় সেৱাক প্রাতিষ্ঠানিক ৰূপ দিয়াৰ প্ৰতি তেওঁলোকৰ বলিষ্ঠ উদ্যম আৰু অংগীকাৰৰ কথা উল্লেখ কৰে। ডক্টৰ ৰবি কোটা, আই এ এচ-য়ে ভাৰতীয় প্ৰশাসনীয় সেৱাৰ নৈতিক ভেটি অৰ্থাৎ যোগ্যতা, নিৰপেক্ষতা আৰু প্রাতিষ্ঠানিক সততাৰ ক্ষেত্ৰত চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শসমূহ পুনৰ উল্লেখ কৰে। তেওঁ উপস্থিত বিষয়া-কৰ্মচাৰীসকলক এই দিনটোক আত্মপৰীক্ষাৰ দিন বুলি বিবেচনা কৰিবলৈ উৎসাহিত কৰি কয়, নাগৰিক সেৱা এখন বাছৰ দৰে। ইঞ্জিনটো হ’ব পাৰে আপুনি আৰু আন অংশবোৰ তেনে লোক যাৰ নিযুক্তি এই ব্যৱস্থাত স্থায়ী। লগতে, মুখ্য সচিবগৰাকীয়ে তেওঁৰ অনুপ্ৰেৰণামূলক ভাষণত প্ৰশাসনীয় সেৱাৰ কাম-কাজৰ সৈতে জড়িত সূক্ষ্মাতিসূক্ষ্ম বিষয় আৰু তেওঁলোকৰ চাকৰিকালত আগন্তুক দিনবোৰত উৎপন্ন হ’ব পৰা পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে উৎসাহ যোগায়। শেষত, তেওঁ ব্যৱস্থাটো শক্তিশালী কৰাৰ লগতে ইয়াক নিজৰ পদ্ধতিত ইয়াৰ স্থাপন কৰাৰ আৰু এই ক্ষেত্রত অৱদান আগবঢ়োৱাৰ ক্ষেত্রত নিজ কামৰ প্ৰতি উদ্যম আৰু ভালপোৱাৰ কথা উল্লেখ কৰে।

প্ৰশাসনিক সংস্কাৰ তথা প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা অভিযোগ (ARTPPG) বিভাগৰ সচিব, মাহমুদ হাছান, আই এ এচ-য়ে ধন্যবাদসূচক ভাষণ আগবঢ়াই অসম চৰকাৰৰ দ্বাৰা মিছন কৰ্মযোগীৰ নিৰলস কাৰ্যকৰীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

অসমৰ জনসাধাৰণৰ বাবে এক সঁহাৰিদায়ক, দায়বদ্ধ আৰু অন্তৰ্ভুক্তিমূলক প্ৰশাসনৰ দিশত কাম কৰাৰ সংকল্পৰ সৈতে সকলো অংশগ্ৰহণকাৰীয়ে নতুনকৈ শপত গ্ৰহণ কৰি অনুষ্ঠানৰ সমাপ্তি ঘটায়।

Comments (0)
Add Comment