ৰাষ্ট্ৰীয় ছিনিয়ৰ,জুনিয়ৰ,ছাব জুনিয়ৰ ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ

চাইক্লিং এছ’চিয়েশ্বন অৱ আছামৰ উদ্যোগত,অসম চৰকাৰৰ ক্ৰীড়া আৰু যুবকল্যাণ বিভাগৰ সহযোগত তথা চাইক্লিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাবধানত সোণাপুৰস্থিত লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষা প্রতিষ্ঠানত চলি থকা ৭৪ সংখ্যক ছিনিয়ৰ, ৫১ সংখ্যক জুনিয়ৰ আৰু ৩৭ সংখ্যক ছাব-জুনিয়ৰ ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপৰ চতুৰ্থ দিনাৰ অন্তলৈ ৰে’লৱে স্প’ৰ্টছ প্ৰমোশ্বন ব’ৰ্ডে পদক তালিকাত শীৰ্ষ স্থান অধিকাৰ কৰিছে। ৰে’লৱে স্প’ৰ্টছ প্ৰমোশ্বন ব’ৰ্ডে এতিয়ালৈ ৮টা স্বৰ্ণ, এটা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, মণিপুৰে ৭টা সোণ, ৩টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাত দ্বিতীয় স্থানত থকাৰ উপৰি হৰিয়ানাই ৫টা সোণ, ৪টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তলিকাৰ তৃতীয় স্থানত আছে। ইফালে, ২টা ব্ৰঞ্জৰ পদক লাভ কৰি আয়োজক অসম তালিকাৰ ষষ্ঠদশ স্থানত আছে।

Comments (0)
Add Comment