সমগ্ৰ বিশ্বতে ক’ভিড১৯য়ে আতংকৰ সৃষ্টি কৰি ৰাখিছে। আক্ৰান্তৰ সমান্তৰালভাৱে মৃত্যুৰ সংখ্যাও দৈনিক বৃদ্ধি পাবলৈ ধৰিছে। সম্প্ৰতি সকলোৱে এক ভয়ংকৰ পৰিস্থিতিৰ মাজত জীৱন নিৰ্বাহ কৰি আহিছে।
কৰ্তব্যৰ খাতিৰত একাংশই ঘৰৰ বাহিৰত গৈ নিজৰ দৈনন্দিন দায়িত্ব পালন কৰি আহিছে। বৰ্তমানলৈকে ক’ৰণাৰ কোনোধৰণৰ ঔষধৰ আৱিষ্কাৰ হোৱা নাই সেয়ে সকলোৰে মনত এটাই প্ৰশ্ন ক’ৰণাৰ পৰা জনসাধাৰণ মুক্ত হ’ব কেতিয়া? ঔষধৰ আৱিষ্কাৰ নোহোৱাৰ বাবে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰা খাদ্য গ্ৰহণেৰে সুৰক্ষিত থকাটো সম্প্ৰতি নিতান্তই প্ৰয়োজনীয়।
ক’ৰণা প্ৰতিৰোধৰ বাবে তিতা কেৰেলাৰ চাহ অত্যন্ত প্ৰয়োজনীয়। কিয়নো কেৰেলাৰ আছে ৰোগ প্ৰতিৰোধৰ বহু ক্ষমতা।স্মৰ্তব্য যে কেৰেলাৰ জৰিয়তে বনোৱা চাহে ডায়েবেটিছ ৰোগী সকলৰ তেজত থকা অধিক মাত্ৰাৰ ছুগাৰ নিয়ন্ত্ৰণত সহায় কৰে।
সমান্তৰালভাৱে কেৰালাৰ দ্বাৰা প্ৰস্তুত হোৱা এই চাহে মানুহৰ শৰীৰৰ থকা অধিক পৰিমাণৰ ক’লেষ্টৰেল নিয়ন্ত্ৰণ কৰাৰ লগতে মানুহৰ চকুৰ দৃষ্টি শক্তি বৃদ্ধি কৰে আৰু লিভাৰ পৰিষ্কাৰ হোৱাত সহায় কৰে। শৰীৰৰ ওজন হ্ৰাস কৰাতো এই চাহে সহায় কৰে। কেৰেলাৰ চাহত ভিটামিন চি উপলব্ধ। যিয়ে মানৱ দেহত হ’ব পৰা সকলোধৰণৰ সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে আৰু ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি কৰে।
কেৰেলাৰ চাহ প্ৰস্তুত কৰা নিয়ম প্ৰণালী হ’ল এনেধৰণৰ প্ৰথমতে কেৰেলাৰ শুকান টুকুৰা পানীত তিয়াই ৰাখিব লাগিব। তাৰ পিছত নিৰ্দিষ্ট জোখত পানীখিনি গৰম কৰি লৈ গৰম পানীখিনিত কেৰেলাৰ শুকান টুকুৰাকেইটা দি প্ৰায় ১০মিনিট সময় উতলাই ল’ব লাগে। ইয়াৰ ফলত পুষ্টিগুণ পোৱা যায়। চাহকাপ ভাল হ’বলৈ সাধাৰণ পৰিমানে চাহপাতৰ লগতে মিঠাৰ বাবে চেনিৰ সলনি মৌ দিব পাৰে। বৰ্তমান সময়ত কেৰেলাৰ গুড়িও বজাৰত উপলব্ধ হৈছে।
ৰোগ প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰিব পাৰে তিতাকেৰেলাৰ চাহ
