মুখ্যমন্ত্ৰীয়ে শুভ উদ্ধোধন কৰিব লগা বাৰেচহৰীয়া ভাওনালৈ আহিব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ

মুখ্যমন্ত্ৰীয়ে শুভ উদ্ধোধন কৰিব লগা  বাৰেচহৰীয়া ভাওনালৈ আহিব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ


দেশৰ ভিতৰতে একক বৃহৎ সামাজিক,সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা অহা ৬,৭,৮ আৰু ৯ মাৰ্চত বিস্তৃত কাৰ্যসুচীৰে অনুষ্ঠিত হ’ব ৷জামুগুৰিহাটৰ পকামূৰা পথাৰত আজি পূৱা ভাওনা মহোৎসৱৰ ধৰ্মধ্বজা উত্তোলন কৰে চামধৰা নিৱাসী শতায়ু গৰকা বিশিষ্ট সমাজকৰ্মী কমলা নাথে৷এই উদ্দেশ্যে আজি পূৱা ঐতিহ্যমণ্ডিত কালিয়দমন ক্ষেত্ৰ কোচগাওঁৰ পৰা কেইবা শতাধিক ৰাইজে গায়ন-বায়ন,হৰিনাম,আয়তীৰ উৰুলি,শংঙ্খ,ধ্বনিৰ মাজেৰে সাংস্কৃতিক শোভাযাত্ৰা কৰি পকামুৰা পথাৰলৈ লৈ আনে ধৰ্মধ্বজা ৷১৭৯৭ চনৰ পৰাই নিৰবিচ্ছিন্ন ভাৱে জামুগুৰিয়া ৰাইজে অনুষ্ঠিত কৰি অহা এই ভাওনা এইবেলি ২২৬ বছত ভৰি দিয়ে ৷ অহা ৭ আৰু ৮ মাৰ্চত ২১খন খলাত ৪২ খন ভাওনা অনুষ্ঠিত হব আৰু এই ভাওনা অসমৰ মূখ্যমন্ত্ৰীয়ে শুভ উদ্ধোধন কৰিব ৷ ভাওনা মহোৎসৱৰ কাৰ্যসূচীত দেশৰ গৃহ মন্ত্ৰী অমৃত শ্বাহেও অংশ গ্ৰহণ কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷ শুভ উদ্ধোধনী অনুষ্ঠানত শোণিতপুৰ জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ চতিয়াৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি পদ্ম হাজৰিকাই অংশ গ্ৰহণ কৰে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা‌ ৰাতুল হাজৰিকাই।

Comments (0)
Add Comment