nefocus.comৰ বাতৰিৰ প্ৰভাৱে প্ৰমান কৰিলে ডিজিটেল মাধ্যমৰ গতি

nefocus.comৰ বাতৰিৰ প্ৰভাৱে প্ৰমান কৰিলে ডিজিটেল মাধ্যমৰ গতি

১৬ মাৰ্চ ২০১৮ চন। nefocus.comত সুখবৰ আৰু উদ্যমী শিতানত প্ৰকাশ পাইছিল “ৰিক্সা চলাইয়ে প্ৰতিষ্ঠা কৰিলে বহুকেইখন স্কুল “শীৰ্ষক এক বাতৰি। লগে লগে চ’চিয়েল মেডিয়াত বিষয়টো চৰ্চা হোৱাৰ সমান্তৰালভাৱে মন্ত্ৰী সভাটো বিষয়টোৱে স্থান লাভ কৰিলে। বিষয়টো হ’ল এনেধৰণৰ আলী আহমেদ নামৰ কৰিমগঞ্জ জিলা ভুৰুংগা পঞ্চায়তৰ এজন ব্যক্তিয়ে ৰিক্সা চলাইয়ে ৯ খনকৈ শিক্ষানুষ্ঠান স্থাপন কৰিলে। দেশৰ প্ৰধানমন্ত্ৰীয়ে বিষয়টো জানিব পৰাত “মন কী বাত” নামৰ অনুষ্ঠানটোৰ জৰিয়তে আলী আহমেদৰ সম্পৰ্কে এনেদৰে মন্তব্য কৰে – অসমৰ কৰিমগঞ্জৰ জিলা আলী আহমেদে নিজৰ ইচ্ছা শক্তিৰ বলত দুখীয়া ছাত্ৰ- ছাত্ৰীৰ বাবে শিক্ষানুষ্ঠান বনাইছে।

WhatsApp Image 2018-03-25 at 7.34.05 PM

ইয়ে অদম্য ইচ্ছা শক্তিক প্ৰতিনিধিত্ব কৰে বুলি অনুপ্ৰেৰণা মূলক বক্তব্য দিয়ে। এই সম্পৰ্কে আলী আহমেদে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে মোৰ দৰে মানুহ এজনৰ কথা দেশৰ প্ৰধান মন্ত্ৰীয়ে এনেদৰে গুৰুত্ব দিয়াত আনন্দিত হৈছো। বিশেষকৈ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছো। আজি আপোনালোকৰ বাবেই মোৰ বিষয়ে সমগ্ৰ দেশৰ মানুহে জানিবলৈ সুযোগ পালে। লগতে তেখেতে কয় যে প্ৰাদেশীকৃত হ’বলৈ বাকী ৰোৱা ৪ খন শিক্ষানুষ্ঠান যদি প্ৰাদেশীকৃত হয়, মই কৃতজ্ঞ হৈ ৰ’ম। উল্লেখযোগ্য যে আলী আহমেদে কেৱল মানৱীয় দৃষ্টিকোণেৰে অঞ্চলৰ দুখীয়া ছাত্ৰ – ছাত্ৰীৰ কথা চিন্তা কৰিয়েই এনে পদক্ষেপ লৈছিল।

 
সহযোগ কৰিলে
কৰিমগঞ্জৰ পৰা মিষ্টু দত্তই ৷

Comments (0)
Add Comment