আৰম্ভ হ’ল নমামী ব্ৰহ্মপুত্ৰ

আৰম্ভ হ’ল নমামী ব্ৰহ্মপুত্ৰ

ইতিহাসক সাক্ষী কৰি অসমৰ ২১ খন জিলাত আজিৰে পৰা আৰম্ভ হ’ল নমামী ব্ৰহ্মপুত্ৰ মহোৎসৱ। উল্লেখযোগ্য যে এই মহোৎসৱ অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে। ব্ৰহ্মপুত্ৰৰ সম্ভাৱনীয়তা প্ৰাচুৰ্যতাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ চৰকাৰৰ উদ্যোগত পৰিবহণ বিভাগৰ সহযোগত সমন্বয়ৰ আৰু সংগতিৰ বাৰ্ত্তা বিলাই এই উৎসৱ আযোজন কৰা হৈছে বুলি পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে মন্তব্য কৰিছে।

IMG-20170331-WA0045

নমামী ব্ৰহ্মপুত্ৰ মহোৎসৱ উপলক্ষ্যে আজি আমি উপস্থিত আছিলো মহানগৰীৰ কছাৰী ঘাটৰ ভৰলুমুখত। আজি মহোৎসৱস্থলীত উপস্থিত থাকি জানিব পাৰিছিলো কিছু ইতিবাচক কথা। উৎসৱৰ লগত প্ৰাসংগিক কিছু ভাল লগা খবৰ আজি আপোনালৈ আগবঢ়ালো। আশা কৰিছো এনেধৰণৰ খবৰে মনৰ খোৰাক যোগাব।

IMG-20170331-WA0044

ব্ৰহ্মপুত্ৰ ভাৰতৰ একমাত্ৰ পুৰুষ নদী। ব্ৰহ্মপুত্ৰক পূৰ্বে লুইত বুলি জনা গৈছিল। পদ্ম পুৰাণত উল্লেখ থকা অনুসৰি সৃষ্টিৰ দেবতা ব্ৰহ্মাৰে পুত্ৰ এই ব্ৰহ্মপুত্ৰ নদী। অৰ্থনৈতিক, বাণিজ্য, বিকাশ তথা উন্নয়নৰ বাবে ব্ৰহ্মপুত্ৰক বিশ্বদৰবাৰত পৰিচয় কৰাটো অতি সুন্দৰ পদক্ষেপ। বিশেষকৈ নমামী ব্ৰহ্মপুত্ৰৰ উৎসৱে নকৈ চোৱাৰ বাবে কেন্দ্ৰক দৃষ্টি আৰ্কষণ কৰিলে। আজি ভৰলুমুখৰ নমামী উৎসৱত উপস্থিত আছিল ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰণৱ মূৰ্খাজী, ভুটানৰ প্ৰধান মন্ত্ৰী Tshering Tabgay, তেলেংগনাৰ, উত্তৰ প্ৰদেশৰ মন্ত্ৰী ।

IMG-20170331-WA0051

এই বিশেষ অনুষ্ঠানত ৰাষ্ট্ৰপতি প্ৰণৱ মুৰ্খাজীয়ে মন্তব্য কৰে যে ভাৰতবৰ্ষত বিভিন্ন জাতি, জনজাতি আছে। প্ৰায় ২০০০ ভাষা আৰু ৭ টা ধৰ্মীৰ মানুহৰ মাজত একতা পাৰম্পৰিক বুজাবুজি আছে। সেয়েহে আমি এখন পতাকাৰ তলত  আজিও থিয় হ’বলৈ সক্ষম হ’ও। আমাৰ মাজত অসহিষ্ঞুতা আছে বুলি ক’লে মই বিশ্বাস নকৰো। বিশ্বাস কৰো একতা আৰু ভাতৃত্ববোধক। ব্ৰহ্মপুত্ৰ বিভিন্ন দেশৰ মাজেৰে গৈ বাংলাদেশত পৰিছে। অৰ্পূব সমাহাৰৰ বাবে ব্ৰহ্মপুত্ৰ আজি বিশেষ! ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় আন্তৰাৰাষ্ট্ৰীয় ক্ষেত্ৰত বাণিজ্যিক উন্নয়ন আশা কৰিব পাৰি।

আনহাতে ভুটানৰ প্ৰধান মন্ত্ৰী Tshering Tabgay মন্তব্য কৰে যে অসম আৰু ভুটানৰ সম্পৰ্ক অতি প্ৰাচীন। কোনো বস্তু আদান-প্ৰদানৰ প্ৰথা আজিও প্ৰচলিত । ভুটানৰ মঠ মন্দিৰত, ঘৰত অসমৰ গড়ৰৰ প্ৰতীক চিহ্ন আছে। ইয়ে সমন্বয়ৰ বাৰ্ত্তা বহন কৰে। অনাগত দিনত ঐক্যবদ্ধতাৰে সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰে। ইয়াৰ উপৰিও অসমৰ চিল্ক ব্যৱহাৰ কৰি ভুটানী মহিলাই ন ন বস্ত্ৰ তৈয়াৰ কৰে বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

নমামী ব্ৰহ্মপুত্ৰ উৎসৱৰ লগত সংগতি ৰাখি হস্ততাত, হস্তশিল্প প্ৰদৰ্শনী হোৱাৰ লগতে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আইদেউ সন্দিকৈ, ভুপেন হাজৰিকা, চৈয়দ আব্দুল মালিককে আদি কৰি বৰণ্য ব্যক্তি সকলৰ ফটো প্ৰদৰ্শনী হৈছে ।ঐতিহাসিক জলক্ৰীড়াৰ লগতে ব্ৰহ্মপুত্ৰক পুজা আৰু আৰতি অনুষ্ঠিত হয়। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে মাজুলী কমলাবাৰী সত্ৰ আৰু বৰপেটা সত্ৰৰ গায়ন- বায়ন তথা সুদুৰ হৰিদ্বাৰৰ পৰা অহা পুৰোহিতে আৰতি কৰি পুজা আগবঢ়ায়। কালি ব্ৰহ্মপুত্ৰক লৈ চিনেমা প্ৰদৰ্শিত হ’ব। অভিনেত্ৰী হেমা মালিনী, দালাই লামা উপস্থিত থাকিব। আনহাতে তৃতীয় দিনা ৰামদেৱ আৰু শিল্পী বাবুল সুপ্ৰিঅ’ই অংশ লোৱাৰ বিপৰীতে চতুৰ্থ দিনা নীতিন গাদকাৰী উপস্থিত থাকিব বুলি আয়োজকে জানিবলৈ দিছে।

এয়া আছিল আজি দিনটোৰ কেইটামান ভাল লগা খবৰ। প্ৰিয় পাঠক, nefocus.com য়ে সদায় নিৰপেক্ষভাৱে খবৰ জনাই আহিছে। নিৰপেক্ষ তথা ইতিবাচক খবৰৰ বাবে google search কৰিবলৈ নাপাহৰিব www.nefocus.com

Comments (0)
Add Comment