এইচডিএফচি বেংকে গ্ৰাহক অভিজ্ঞতা উন্নত কৰিবলৈ নতুন বৈশিষ্ট্যৰে ইউপি আই আৰু চি বি ডি চি উন্মোচন কৰে

এইচডিএফচি বেংকে ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) আৰু চেণ্ট্ৰেল বেংক ডিজিটেল কাৰেন্সী (চিবিডিচি)ৰ বাবে কেইবাটাও নতুন বৈশিষ্ট্য মুকলি কৰাৰ কথা ঘোষণা কৰে।

একাধিক ফিনটেক সহযোগীৰ সহযোগত যৌথভাবে বিকশিত এই বৈশিষ্ট্যসমূহৰ লক্ষ্য হৈছে সুবিধা, সুৰক্ষা আৰু প্রৱেশ উন্নত কৰি ডিজিটেল বেংকিং অভিজ্ঞতা বৃদ্ধি কৰা। নতুন বৈশিষ্ট্যসমূহৰ ভিতৰত আছে ইউপিআই (UPI )চাৰ্কল-ডিলিগেটেড (Circle-Delegate ), পেমেণ্ট (Payment), ইউপিআই (UPI) ত ব্যক্তিগত অভিজ্ঞতা, আৰু ব্যৱহাৰকাৰী-স্তৰৰ প্ৰগ্ৰেমেবল চিবিডিচি।

এইচডিএফচি বেংকে মুম্বাইত অনুষ্ঠিত হোৱা গ্ল’বেল ফিনটেক ফেষ্ট ২০২৪ত এই অফাৰসমূহ উপস্থাপন কৰে। ক্ৰেডিটপে (KreditPe), টনটেগ (ToneTag) আৰু পেইউ (PayU) ৰ দৰে ফিনটেক সহযোগীৰ সহযোগত।

এইচ ডি এফ চি বেংকৰ গ্ৰুপ হেড – পেমেণ্ট, লাইবেলিটি প্ৰডাক্ট, কনজিউমাৰ ফাইনেন্স এণ্ড মাৰ্কেটিং পৰাগ ৰাৱে কয় যে, “এইচডিএফচি বেংক ত আমি বিশ্বাস কৰোঁ যে বেংকিং অভিজ্ঞতা বৃদ্ধিৰ বাবে উদ্ভাৱন গুৰুত্বপূৰ্ণ। আমি মুকলি কৰা নতুন ইউপিআই বৈশিষ্ট্যসমূহ আমাৰ গ্ৰাহকৰ বাবে ডিজিটেল লেনদেন অধিক সুলভ, সুৰক্ষিত আৰু সুবিধাজনক কৰি তুলিবলৈ ডিজাইন কৰা হৈছে। বিভিন্ন ফিনটেকৰ সৈতে সহযোগীতা কৰি আমি টেইলাৰ-মেড, অত্যাধুনিক সমাধান আগবঢ়াইছো যিয়ে আমাৰ বৈচিত্ৰময় গ্ৰাহক ভিত্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰে, মেট্ৰৰ পৰা আৰম্ভ কৰি দেশৰ দূৰৱৰ্তী অংশলৈকে”।

নতুন বৈশিষ্ট্যসমূহৰ ভিতৰত এটা, ইউপিআই চাৰ্কল-ডেলিগেট পেমেণ্ট, প্ৰাথমিক একাউণ্ট ধাৰীক পেমেণ্ট কৰিবলৈ এজন ব্যৱহাৰকাৰীক নিযুক্ত কৰাৰ অনুমতি দিয়ে। এই বৈশিষ্ট্যই ব্যৱহাৰকাৰীসকলক গ্ৰাহকৰ প্ৰাথমিক একাউণ্ট ব্যৱহাৰ কৰি লেনদেন চলাবলৈ সক্ষম কৰে, যাৰ ফলত পৃথক একাউণ্টৰ প্ৰয়োজনীয়তা নাইকিয়া হয়। এইচ ডি এফ চি বেংকে ক্ৰেডিটপেৰ সৈতে সহযোগীতাৰে এই বৈশিষ্ট্য মুকলি কৰিছে। ইয়াৰ উপৰিও, এইচডিএফচি বেংকে এতিয়া পেমেণ্টৰ সময়ত ইউপিআইৰ জৰিয়তে ব্যক্তিগতকৃত অফাৰ, প্ৰচাৰ, তৎক্ষণাত ৰেহাই, আৰু ক্ৰেডিট কাৰ্ড ইএমআই বিকল্প প্ৰদান কৰে, টেইলাৰড বেংকিং অভিজ্ঞতা আৰু পেমেণ্ট ষ্ট্ৰীমলাইনিং প্ৰদান কৰে।

বেংকটোৱে কেন্দ্ৰীয় বেংকৰ ডিজিটেল মুদ্ৰা (CBDC) ৰ বাবে ব্যৱহাৰকাৰী পৰ্যায়ৰ প্ৰগ্ৰেমেবিলিটিও প্ৰৱৰ্তন কৰিছে। এইচডিএফচি বেংক ডিজিটেল টকা ৱালেটে এতিয়া ব্যৱহাৰকাৰী-স্তৰৰ প্ৰগ্ৰেমেবিলিটি সমৰ্থন কৰে, ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ পেমেণ্টৰ বাবে চৰ্তসমূহ ধাৰ্য্য কৰাৰ অনুমতি দিয়ে, যেনে বৈধতাৰ সময়সীমা বা সীমাবদ্ধতা। এই বৈশিষ্ট্যই ব্যক্তিগত ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ চিবিডিচি কেনেকৈ আৰু ক’ত ব্যৱহাৰ কৰিব পাৰি সেইটো সিদ্ধান্ত ল’বলৈ সক্ষম কৰে।

Comments (0)
Add Comment