বান নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ হ’বলগা সামগ্ৰীৰ উপযুক্ত বিতৰণৰ তদাৰক জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

বান নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ হ’বলগা সামগ্ৰীৰ উপযুক্ত বিতৰণৰ তদাৰক জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা

মন্ত্ৰী পীযুষ হাজৰীকাই আজি গুৱাহাটীৰ বশিষ্ট বিভাগৰ কেন্দ্ৰীয় গোদাম পৰিদৰ্শন কৰি আগন্তুক বানপানীৰ বাবে বিভাগে জিলাসমূহলৈ পৰ্কুপাইন,জিঅ’ বেগ আদি পঠিওৱাৰ বাবে কৰা ব্যৱস্থাৰ বুজ লয়।বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত মথাউৰিক তাৎক্ষণিকভাৱে বচাবলৈ জিলাসমূহত পৰ্কুপাইন,জিঅ’বেগ আদি সহজলভ্য কৰিবলৈ মন্ত্ৰীগৰাকীৰ নিৰ্দেশত ইতিমধ্যেই জিলাসমূহলৈ এই সামগ্ৰীসমূহ প্ৰেৰণ কৰি থকা হৈছে।

উল্লেখ্য যে ইতিমধ্যে জলসম্পদ বিভাগে আগন্তুক বাৰিষাৰ প্ৰস্তুতি হিচাপে প্ৰায় ৮৯ হাজাৰ পৰ্কুপাইন চেট আৰু ১০ লাখ জিঅ’ বেগ মজুত কৰি ৰাখিছে।আজিৰ পৰিদৰ্শনকালত মন্ত্ৰী হাজৰীকাই এই সামগ্ৰীসমূহৰ মাথো ২৫ শতাংশহে কেন্দ্ৰীয় গোদামত ৰাখি বাকী ৭৫ শতাংশকে জিলাসমূহলৈ প্ৰয়োজন অনুসৰি পঠাই দিয়াৰ ব্যৱস্থা কৰিবলে বিভাগৰ মুখ্য অভিযন্তাক নিৰ্দেশ দিয়ে।

লগতে মন্ত্ৰী হাজৰীকাই কয় যে মে’ মাহৰ মাজ ভাগৰ পৰা অৰ্থাৎ এতিয়াৰে পৰা নৱেম্বৰলৈ ৰাজ্যখনত বান আৰু খহনীয়া ৰোধৰ স্থায়ী কামসমূহ বন্ধ থাকিব আৰু বাৰিষাৰ সৈতে মোকাবিলা কৰিব পৰাকৈ অস্থায়ী আৰু জৰুৰী কামসমূহ সম্পাদন কৰা হ’ব।মন্ত্ৰীগৰাকীয়ে আশা কৰে যে বিগত বৰ্ষত বিভাগীয় তৎপৰতাত ৰাজ্যখনৰ প্ৰায় ১২১ টা স্থানত মথাউৰি চিগাৰ পৰা ৰক্ষা কৰাৰ দৰে এইবাৰো বিভাগে বানৰ প্ৰকোপ হ্ৰাস কৰিবলৈ সক্ষম হ’ব পাৰিব।

Comments (0)
Add Comment