বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান

উত্তৰ-পূব সীমান্ত ৰেলৱেই অহা পাঁচ জুনত উদযাপিত হবলগীয়া বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ১৫ মে’ৰ পৰা ইয়াৰ পৰিসেৱাই সামৰি লোৱা মণ্ডল আৰু ইউনিটসমূহত পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতামূলক কাৰ্যসূচী আৰু বিশেষ অভিযান আৰম্ভ কৰিছে । উল্লেখ্য যে এইবেলি বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচীত “জলবায়ু পৰিৱৰ্তন” বিষয়বস্তুৰ ওপৰত পৰিৱেশ সংৰক্ষণ, বহনক্ষম অনুশীলন আৰু ভৱিষ্যতৰ বাবে আমাৰ গ্ৰহটোক সুৰক্ষিত কৰাৰ দিশত সামূহিক দায়িত্বৰ ওপৰত আৰু গুৰুত্ব আৰোপ কৰা হৈছে। এই কাৰ্যসূচী তথা অভিযানৰ অহা পাঁচ জুনত সামৰণি পৰিব । আনহাতে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এটা বিবৃতিত জানিবলৈ দিয়া মতে এই কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সমগ্ৰ নেটৱৰ্কত ৰেলৱে কৰ্মচাৰী, যাত্ৰী আৰু সাধাৰণ ৰাইজৰ মাজত পৰিৱেশ বহনক্ষমতা আৰু সংৰক্ষণ বিষয়ক সচেতনতা বৃদ্ধি কৰাৰ লক্ষ্যৰে বৃক্ষৰোপণ অভিযান, পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান, সচেতনতা ৰেলী, আলোচনা সভা আৰু পৰিৱেশ হিতৈষী কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। কাৰ্যসূচীৰ জৰিয়তে প্লাষ্টিকৰ ব্যৱহাৰ হ্রাস, ৰেলৱে ষ্টেচন আৰু ৰেলৱে কলনীসমূহত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা, পানী সংৰক্ষণ আৰু ৰেল পৰিচালনত সেউজ অভ্যাস গ্ৰহণ কৰাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে । এই সজাগতা অভিযানত ৰেলৱেৰ বিষয়া , কর্মচাৰী, ছাত্র-ছাত্রী, স্কাউটছ আৰু গাইডছৰ লগতে বিভিন্ন সামাজিক সংগঠনৰ সদস্যসকলে সক্রিয়ভাৱে অংশগ্ৰহণ কৰি আহিছে। ২৭ মে’ত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কার্যালয়ত ৰেলৱেৰ স্কাউটছ আৰু গাইডছসকলে পৰিৱেশ সংৰক্ষণ, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু প্লাষ্টিক প্ৰদূষণৰ ক্ষতিকৰ প্ৰভাৱ বিষয়ত এখন বাটৰ নাট পৰিৱেশন কৰি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে। তেনেদৰে পৰিৱেশ সজাগতা সৃষ্টিৰ লক্ষ্যৰে বিগত দিনত উত্তৰ-পূব সীমান্ত ৰেলৱেৰ বিভিন্ন স্থানত যাত্রী, ৰেলৱে কৰ্মচাৰী আৰু বাসিন্দাসকলৰ মাজত মৰাপাটৰ বেগ, কাপোৰৰ বেগ আৰু জৈৱ-পচনশীল সামগ্রী বিতৰণ কৰা হয়।

Comments (0)
Add Comment