সাগৰমালাৰ অধীনত অসমত ১০টা নতুন জলপথ প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা ইতিমধ্যে ৬৪৫ কোটি টকাৰ অনুমোদন প্ৰদান

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী কেশৱ মহন্ত আৰু কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয় তথা অসম চৰকাৰৰ বিষয়াৰ সৈতে আজি নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আৰু অসমৰ জল পৰিবহণ খণ্ডৰ বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে।

কাৰ্গ’ আৰু যাত্ৰীবাহী জাহাজৰ সুচল চলাচলৰ বাবে ৰাষ্ট্ৰীয় জলপথ-২ অৰ্থাৎ ব্ৰহ্মপুত্ৰ আৰু ৰাষ্ট্ৰীয় জলপথ-১৬ অৰ্থাৎ বৰাক নদীত খনন চলোৱাত গুৰুত্ব আৰোপ কৰি অহা হৈছে, যাতে জাহাজৰ চলাচলৰ বাবে প্ৰয়োজনীয় গভীৰতা নিশ্চিত হয়। নদীকেন্দ্ৰিক ঔদ্যোগিকৰণতো গুৰুত্ব দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে স্থলপথৰ পৰা যাতে নদীৰে কাৰ্গ’ পৰিবহণ কৰিব পৰাকৈ সুচল যাতায়াত নিশ্চিত হয়, তাৰ বাবেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আমি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে অংশীদাৰ বৈঠক আয়োজনৰ পদক্ষেপো গ্ৰহণ কৰিছোঁ, যাতে নদীকেন্দ্ৰিক বাণিজ্যিকৰণ, জল পৰিবহণ খণ্ডৰ উন্নীতকৰণ, জাহাজৰ সুচল যাতায়াত, আন্তঃগাঁথনি আদি বিভিন্ন আনুষংগিক দিশৰ ত্বৰান্বিতকৰণ হয়।

তদুপৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জল পৰিবহণ খণ্ডৰ ত্বৰান্বিতকৰণ আৰু নদী পৰ্যটন বৃদ্ধিৰ সন্দৰ্ভত গুৰুত্ব আৰোপেৰে ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশ, সংস্থাপন সৃষ্টি, সাংস্কৃতিক ঐতিহ্য আৰু প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰচাৰ আদি বিষয়সমূহৰ অৱতাৰণা কৰে আৰু এই সন্দৰ্ভত চৰকাৰে দায়বদ্ধতাৰে কাম কৰি যাব বুলি উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “ব্ৰহ্মপুত্ৰৰ সমীপত অৱস্থিত গুৱাহাটীৰ সাতটা ধৰ্মীয় স্থান- কামাখ্যা, পাণ্ডু, অশ্বক্লান্ত, দৌল গোবিন্দ, উমানন্দ, চক্ৰেশ্বৰ আৰু আউনীআটী সত্ৰক সংযোগ কৰিবলৈ ‘ৰিভাৰিন আধাৰিত ধৰ্মীয় পৰ্যটন বৰ্তনী’ৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ, এছডিচিএল, এটিডিচি আৰু ডিআইডব্লিউটিৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। তেজপুৰ আৰু ওচৰৰ ঠাইবোৰ, গোৱালপাৰাৰ ঐতিহ্যমণ্ডিত সূৰ্য পাহাৰ আৰু ওচৰৰ ঠাই, চৈখোৱা আৰু ওচৰৰ ঠাইবোৰ, গুৱাহাটীৰ পৰা পবিতৰালৈ, গুৱাহাটীৰ পৰা শুৱালকুছিলৈ- এই অঞ্চলবোৰৰো নদী পৰ্যটন বৃদ্ধিত গুৰুত্ব দিয়া হৈছে। সাগৰমালাৰ অধীনত, ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰালয়ে অসমৰ ব্ৰহ্মপুত্ৰ নদীত ৮টা টাৰ্মিনেল (বহৰী, ধুবুৰী, দিচাংমুখ, ঘাগৰ, গোৱালপাৰা, গুঁইজান, কুৰুৱা, মাতমৰা) আৰু ২টা স্লিপৱে (মাজুলী আৰু ধুবুৰী)সহ ১০টা নতুন জলপথ প্ৰকল্পৰ বাবে ইতিমধ্যে ৬৪৫ কোটি টকাৰ অনুমোদন প্ৰদান কৰিছে। এই সন্দৰ্ভত, আই.আই.টি. গুৱাহাটীক বিতং প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে নিযুক্ত কৰা হৈছে।”

সোণোৱালে উল্লেখ কৰে, “ধুবুৰী জিলাৰ মায়া ঘাট আৰু মাজুলীৰ কৌশলগত স্থানত স্লিপৱে নিৰ্মাণৰ পৰা আৰম্ভ কৰি উত্তৰ লখিমপুৰৰ ঘাগৰ আৰু বৰপেটা জিলাৰ বহৰীত যাত্ৰী টাৰ্মিনেলৰ নিৰ্মাণলৈকে, প্ৰতিটো প্ৰস্তাৱ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ বৃদ্ধি আৰু সমগ্ৰ অঞ্চলটোত নিৰৱচ্ছিন্ন পৰিবহণৰ সুবিধাৰ বাবে প্ৰস্তুত কৰা হৈছে। এই প্ৰকল্পসমূহে পৰিবহণ দক্ষতা বৃদ্ধি কৰিব, অঞ্চলটোত ঔদ্যোগিক বিকাশ আৰু বাণিজ্যক উৎসাহিত কৰিব। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গতিশীল নেতৃত্বত আমি নতুন পথ অন্বেষণ কৰি দেশৰ জলপথৰ অপৰিসীম সম্ভাৱনাক উন্মুক্ত কৰাৰ নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। ব্ৰহ্মপুত্ৰ – উত্তৰ-পূব ভাৰত আৰু অসমৰ জনসাধাৰণৰ বাবে জীৱনৰেখাস্বৰূপ। মোদী ডাঙৰীয়াই আমাক ব্ৰহ্মপুত্ৰৰ অপৰিসীম শক্তি-সম্ভাৱনাক ব্যৱহাৰ কৰিবলৈ আৰু এক বৈকল্পিক, ব্যয়সন্মত, পাৰিপাৰ্শ্বিকভাৱে অনুকূল আৰু কাৰ্যকৰী পৰিবহণ ব্যৱস্থা বিকশিত কৰিবলৈ জলপথৰ আন্তঃগাঁথনিক ত্বৰান্বিত কৰাৰ নিৰ্দেশনা দিছিল। ভাৰত চৰকাৰৰ অভিলাষী সাগৰমালা কাৰ্যসূচীৰ অধীনত বিকশিত হ’বলগীয়া এই প্ৰকল্পসমূহ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সংযোগ বৃদ্ধি, ৰাজহুৱা পৰিবহণ উন্নত আৰু অৰ্থনৈতিক বিকাশৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই সাগৰমালা প্ৰকল্পসমূহ ফেৰী আন্তঃগাঁথনি, জাহাজ পৰিবহণৰ আধুনিকীকৰণ, টাৰ্মিনেল নিৰ্মাণ আদিকে ধৰি বিভিন্ন দিশৰ সংযোগ বৃদ্ধিত গুৰুত্ব আৰোপেৰে নিৰ্মাণ কৰা হ’ব। অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ উন্নয়নত গুৰুত্ব দি ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধীনত ১,০০০ কোটিৰো অধিক প্ৰকল্প ইতিমধ্যে আৰম্ভ কৰা হৈছে। কেৱল অসমতে ৭৬০ কোটিতকৈও অধিক প্ৰকল্পৰ কাম বৰ্তমান চলি আছে, যিয়ে অঞ্চলটোৰ প্ৰগতিৰ প্ৰতি চৰকাৰৰ নিৰৱচ্ছিন্ন দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। উত্তৰ-পূৰ্বাঞ্চলত এতিয়া ২০টা জলপথ পৰিচালনা কৰাটো এতিয়া সম্ভৱপৰ হৈছে, যি ২০১৪ চনলৈকে কেৱল ‘এটাহে’ আছিল। আনহাতে, ২০৮ কোটি টকাৰ বিনিয়োগেৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম জাহাজ মেৰামতি সুবিধা কেন্দ্ৰ গুৱাহাটীৰ পাণ্ডুত নিৰ্মাণ কৰি থকা হৈছে। উত্তৰ-পূব অঞ্চলত জলপথ পৰিবহণ আৰু পৰ্যটন আন্তঃগাঁথনিত অভিনৱ পৰিৱৰ্তন আনিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সাজু কৰা হৈছে। ইয়াৰ ভিতৰত আছে যোগীঘোপা, তেজপুৰ, বিশ্বনাথঘাট, নিমাতী, শদিয়া আৰু বিন্ধাকটাত মুঠ ৮.৪৫ কোটি টকাৰ বিনিয়োগেৰে ছয়টা পৰ্যটক জেটিৰ নিৰ্মাণ৷ ভাৰত আৰু বাংলাদেশৰ দ্বাৰা প্ৰায় ৩০৫.৮৪ কোটি টকা ব্যয়েৰে যুটীয়াভাৱে বিকশিত ভাৰত-বাংলাদেশ প্ৰট’কল (আইবিপি) জলপথটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ সুবিধাৰ্থে গুৱাহাটী আৰু যোগীঘোপাৰ পৰা কলকাতা আৰু হলদিয়া বন্দৰলৈ এক বৈকল্পিক সংযোগো প্ৰদান কৰিছে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী হিচাপে মোৰ দ্বিতীয়টো কাৰ্যকালতো প্ৰধানমন্ত্ৰীৰ মাৰ্গদৰ্শনমৰ্মে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডৰ সৰ্বাংগীণ উত্তৰণৰ বাবে নতুন নতুন পদক্ষেপ কৰিবলৈ আগবাঢ়িছোঁ।

Comments (0)
Add Comment