৮০দশকৰ পৰা নিৰৱে প্ৰকৃতি সংৰক্ষণত ব্ৰতী হৈছে ঢকুৱাখনাৰ ফুলেশ্বৰী দত্তই

৮০দশকৰ পৰা নিৰৱে প্ৰকৃতি সংৰক্ষণত ব্ৰতী হৈছে ঢকুৱাখনাৰ ফুলেশ্বৰী দত্তই

এয়া কোনো নাটক অথবা চিনেমাৰ কাহিনী নহয়। ৮০ দশকতেই নিৱৰে প্ৰকৃতি সংৰক্ষণত ব্ৰতী হৈছিল ঢকুৱাখনাৰ ফুলেশ্বৰী দত্ত। উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰ নোহোৱাৰ ফলত এই প্ৰকৃতি
প্ৰেমীগৰাকীৰ বিষয়ে যিমানেই মানুহে জ্ঞাত হ’ব লাগিছিল, সিমান জ্ঞাত নহ’ল!

জানি সুখী হ’ব যে ফুলেশ্বৰী দত্তই ১৯৮৯ চনৰে পৰা শগুন সংৰক্ষণ কৰি আহিছে। সম্প্ৰতি তেখেতৰ ঘৰৰ কাষতে থকা বাৰীখনত শগুন সংৰক্ষণ কৰিছে। উল্লেখ্য যে সম্প্ৰতি তেখেতৰ বাৰী ৬০ টা শগুন, হাইঠা চৰাই,ফেচা, গুঁই, সাপকে ধৰি বিভিন্ন প্ৰজাতিৰ প্ৰাণী আছে। যাৰ বাবে বছৰি অসম তথা বৰ্হিৰাজ্যৰ পৰা বিভিন্ন পৰ্যটক, গৱেষক, ছাত্ৰ-ছাত্ৰী তেখেতৰ বাৰীখন চাবলৈ অথবা গৱেষণাৰ বাবে ভিৰ কৰেহি।

অসম চৰকাৰৰ বন বিভাগেও ব্যক্তিগত ভাৱে কৰা এই প্ৰচেষ্টাক শলাগ লৈছে। তেখেতৰ প্ৰচেষ্টাক ন ৰূপ দিয়াৰ ব্ৰতী হৈছে ধ্ৰুৱজ্যোতি চেতিয়া, মানস দত্ত,আৰু বিমান সন্দিকৈয়ে। জানিব পৰা মতে অনাগত দিনত তেওঁলোকে শগুন সংৰক্ষণৰ দিৱস পালন কৰাৰ বাবে যো -জা চলাইছে।আচলতে ক’বলৈ গ’লে ফুলেশ্বৰী দত্তৰ প্ৰকৃতি সংৰক্ষণৰ যাত্ৰা বৰ মসৃণ নহয়। ফেচা, শগুনৰ দৰে চৰাই ঘৰৰ বাৰীত সংৰক্ষণ কৰিবলৈ লওতে বহুতে কৰ্কথনা কৰিছিল। তেখেতে পিছে সকলোবোৰ আওকাণ কৰিছিল। জীৱন যুঁজত হাৰ মানিব নোখোজা এই গৰাকী অকথিত হিৰোক, ৱল্ড ৱাইল্ড লাইফ ডে’ত জনাইছো অলেখ শুভেচ্ছা।

Comments (0)
Add Comment