গুৱাহাটী বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি ‘ইমার্জিং নর্থ-ইষ্ট’ প্ৰদৰ্শনীৰ পঞ্চম সংস্কৰণ উদ্বোধন কৰে। তিনিদিনীয়াকৈ আয়োজন কৰা এই প্ৰদর্শনী অহা ৩ মাৰ্চলৈ অনুষ্ঠিত হ’ব ৷ অসম চৰকাৰৰ উদ্যোগ বিভাগৰ প্ৰধান সচিব আই.এ.এছ ড০ কে.কে দ্বিবেদী, শ্যামা প্ৰসাদ মুখাৰ্জী পোৰ্ট ট্ৰাষ্টৰ অধ্যক্ষ আই আৰ এছ.ই.ই বিনীত কুমাৰ, ভাৰত চৰকাৰৰ ক্ষুদ্ৰ কৃষক কৃষি ব্যৱসায় কনচৰ্টিয়ামৰ পৰিচালন সঞ্চালক আই.এ.এছ নীলকমল দৰবাৰী, মেঘালয় চিমেণ্টছ লিমিটেডৰ পৰিচালনা সঞ্চালক মহেন্দ্ৰ কে আগৰৱালা, এছ’চেমৰ পূব আৰু উত্তৰ-পূর্বাঞ্চলৰ সঞ্চালক পাৰমিন্দৰ জিত কৌৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে। প্ৰদৰ্শনীখনৰ খনৰ জৰিয়তে অঞ্চলটোৰ সাম্ভাব্য খণ্ডসমূহ প্ৰদৰ্শন কৰাৰ এক সুযোগ প্ৰদান কৰা হৈছে। সমগ্ৰ অঞ্চলটোৰ বিভিন্ন উন্নয়নমূলক সংস্থা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংগঠন, চৰকাৰী বিভাগ আৰু আন সকলো অংশীদাৰক এই প্ৰচেষ্টাত সামৰি লোৱা হৈছে ৷ গুৱাহাটীত তিনিদিনীয়াকৈ আয়োজন কৰা এই প্ৰদর্শনীখনত বিভিন্ন উদ্যোগ, প্ৰতিষ্ঠান, এফপিঅ’, কৃষক, ভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞৰ উপস্থিতিৰে অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰক শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ ওপৰত গুৰত্ব আৰোপ কৰা হৈছে ৷ আন্তঃগাঁথনি, নেটৱৰ্ক আৰু সংযোগ, বিত্তীয় সা-সুবিধা আৰু সম্পদৰ ব্যৱহাৰ আদিৰ দৰে গুৰুত্বপূর্ণ বিষয়সমূহত ঘূৰণীয়া মেজমেল, সন্মিলন, অধিৱেশন অনুষ্ঠিত হ’ব। উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম চৰকাৰৰ মাননীয় উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, “সেউজ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা দেশৰ ৰাজ্যসমূহৰ ভিতৰত অন্যতম হৈছে অসম। মই দৃঢ় বিশ্বাসী যে নতুন পদক্ষেপ তথা মুখ্য প্ৰকল্প আৰু সেৱা প্ৰদানৰ দিশত চৰকাৰে লোৱা পদক্ষেপে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশৰ লগতে যুৱ প্ৰজন্মৰ বাবে অধিক চাকৰি সৃষ্টি কৰাত সহায় কৰিব। আমি বিগত বছৰসমূহত ব্যৱসায়িক ক্ষেত্ৰখনত একেৰাহে সহযোগিতা কৰি আহিছো ৷ ৰাজ্যত ব্যৱসায় আৰম্ভ কৰিবলৈ বিচৰাসকলক সমর্থন আগবঢ়াবলৈ আমাৰ ওচৰত দক্ষ বিষয়া আছে ৷ আমি বিভিন্ন প্ৰযুক্তি গ্ৰহণ কৰিছো আৰু ব্যৱসায়িক কাম-কাজ সহজ কৰাৰ বাবে নীতিবোৰ সলনি কৰা হৈছে।”
Trending
- Northeast Witnessing Unprecedented Development Under PM Modi’s Leadership: Pabitra Margherita
- ৰাইজিং নৰ্থ ইষ্ট বিনিয়োগকাৰী সন্মিলনৰ দ্বিতীয়দিনা আলোচনাত স্থান লাভ কাঁহৰ বাচন বৰ্তনত জিআই টেগ, লণ্ডনলৈ নেমুটেঙাৰ ৰপ্তানিৰ প্ৰসংগ
- পবিতৰা অভয়াৰণ্যত বৃদ্ধি পাইছে পৰ্যটক – দৰ্শনাৰ্থীৰ সংখ্যা- ৰাজহ সংগ্ৰহৰ পৰিমাণো পূৰ্বতকৈ বৃদ্ধি
- Maiden ‘Rising Northeast Investors’ Summit’ in Delhi
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন