এইবাৰ পোষ্টেল বেলটৰ সুবিধা প্ৰদান কৰিছে এই সকল লোকক

0 301

অত্যাৱশকীয় সেৱাৰ সৈতে জড়িত বিষয়া -কৰ্মচাৰী সকলৰ লগতে ভাৰতৰ নিৰ্বাচন আয়োগে এইবাৰ স্বীকৃতিপ্ৰাপ্ত সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যক্তিসকলক তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্ত কৰাত সহায়ক হোৱাকৈ পোষ্টেল বেলটৰ সুবিধান প্ৰদান কৰিছে ।
জন প্ৰতিনিধি আইন ১৯৫১ৰ ৬০ ধাৰাৰ দফা (চি)ৰ অধীনত নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনা অনুসৰি বিমান পৰিবহন,স্বাস্থ্যকৰ্মী,অসম ৰাজ্যিক পৰিবহন নিগম, দীৰ্ঘ-দুৰত্বৰ সেৱাৰ সৈতে জড়িত বিষয়া কৰ্মচাৰী সকল,অগ্নি নিৰ্বাপক সেৱা,যানবাহন আৰক্ষী,এম্বুলেণ্স সেৱা,জাহাজ পৰিবহনৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে ভাৰতৰ নিৰ্বাচন আয়োগৰ স্বীকৃতিপ্ৰাপ্ত যিসকল সাংবাদিক ভোট গ্ৰহণৰ দিনা সংবাদ সেৱাত নিয়োজিত হৈ থাকিব তেওঁলোকক জৰুৰী সেৱাত আন্তৰ্ভূক্ত কৰি পোষ্টেল বেলটৰ সুবিধা প্ৰদান কৰা হৈছে ।
পোষ্টেল বেলটৰ সুবিধা প্ৰদান কৰিবলৈ সংশ্লিষ্ট বিভাগ সমূহক ন’ডেল বিষয়া মনোনীত কৰিবলৈও পৰামৰ্শ আগবঢ়াই নিৰ্বাচন আয়োগে । এই ন’ডেল বিষয়া গৰাকীয়ে ভোটদাতা সকলক পোষ্টেল বেলটৰ বিষয়ে অৱগত কৰোৱাব লাগিব ।

Leave A Reply

Your email address will not be published.