হৰিসভাত বক্তৃতা অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত

0 457

পানবজাৰ শতবৰ্ষ ঐতিহ্যমণ্ডিত অনুষ্ঠান, সনাতন ধৰ্মসভাৰ (হৰিসভাৰ) সভাগৃহত বহুলোকৰ উপস্থিতিত আজি বিয়লি বক্তৃতা প্ৰদান আৰু সম্বৰ্ধনা সভা এখন এক আধ্যাত্মিক তথা গাম্ভীয্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হৈ যায়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি বৰগীতেৰে শুভাৰম্ভ কৰা সভাত সভাপতিত্ব কৰে হৰিসভাৰ অন্যতম ট্ৰাষ্টি, সমাজসেৱক পদ্মশ্ৰী অজয় দত্তই। প্ৰথিতযশা শিক্ষাবিদ, লেখক আজিৰ সভাৰ মুখ্য বক্তা ড° দয়ানন্দ পাঠকে “সাম্প্ৰতিক প্ৰেক্ষাপটত সমাজ,ধৰ্ম-সংস্কৃতিৰ উত্তৰণত মাৰ্গ দৰ্শন” শীৰ্ষক বিষয়ৰ ওপৰত এক তত্ত্বগধূৰ বক্তব্য প্ৰদান কৰে। সাম্প্ৰতিক প্ৰেক্ষাপটত সমাজৰ প্ৰমূল্যবোধৰ স্খলন হৈছে বুলি জানিলেও মহাপুৰুষ শংকৰদেৱে দেখুৱাই যোৱা আধ্যাত্মিক তত্ত্বগধূৰ দিশসমূহে আজিৰ আধুনিক সমাজকো দিক্ দৰ্শন কৰিব পাৰিব বুলি পাঠকে মন্তব্য কৰে।

হৰসভা সম্পাদক ,সুৰেশ চন্দ্ৰ ভট্টাচাৰ্যই উদেশ্যে ব্যাখ্যা কৰাৰ আগত সাৱলীল ভাষাৰে আদৰণি ভাষন ৰাখে প্ৰণৱ গোস্বামীয়ে। এই সভাতেই মানপত্ৰ, স্মাৰক আৰু আন উপহাৰৰে সমাজৰ তিনিগৰাকী বিশিষ্ট সমাজকৰ্মী, দ্বিজেন ফুকন, ডা নৰেন্দ্ৰ নাথ বৰ্মন আৰু পক্ষিন্দ্ৰ ভূঁঞাক হৰিসভাৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাপতি অজয় দত্তৰ চমু মন্তব্যৰ পিছত শলাগৰ শৰাই আগবঢ়াই কমলা চন্দ্ৰ গোস্বামীয়ে।

Leave A Reply

Your email address will not be published.