ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীৰ কাষৰীয়া বিক্ৰমপুৰত আজি অসমীয়া জাতিৰ জনক স্বৰূপ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী উৎসৱ পালন কৰা হয় । উদযাপন সমিতিৰ প্ৰচাৰ বিভাগৰ দায়িত্ববাহী তথা জ্যেষ্ঠ সাংবাদিক জোন ৰাভাই জানিবলৈ দিয়া মতে শংকৰদেৱ সংঘৰ বিক্রমপুৰ প্ৰাথমিক শাখাৰ উদ্যোগত অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উৎসৱৰ লগত সংগতি ৰাখি দিনৰ ১০ বজাত এক বিশাল ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। বিক্রমপুৰ প্ৰাথমিক শাখাৰ সভাপতি কিৰণ চন্দ্র নাথ আৰু সম্পাদক চন্দধৰ দাসৰ নেতৃত্বত উলিওৱা ভাগৱত শোভাযাত্ৰাত পুৰুষ – মহিলা নিৰ্বিশেষে তিনি শতাধিক লোকে ভাগ লয়। ইয়াৰ পূৰ্বে ৰাতিপুৱা ৬ বজাত নামঘৰ প্ৰাঙ্গনত ধর্মধবজা উত্তোলন কৰে কিৰণ চন্দ্র নাথে । দিনত ১১ বজাৰ পৰা ভাগৱত পাঠ আৰু বিয়লি ২ বজাত এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। তাৰ পাছত অঞ্চলটোৰ মহিলা সকলে দিহা নাম পৰিবেশন কৰে। সন্ধিয়া বিক্ৰমপুৰ প্ৰাথমিক শাখাৰ নামঘৰত সমূহীয়াভাৱে বন্তি প্ৰজ্বলন কৰি মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম জয়ন্তীৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়।
Trending
- Assam–Arunachal Border Talks: 5th Regional Committee Meeting Charts Path to Resolution
- অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গ্ৰাহকক অনলাইন প্ৰৱঞ্চনাৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতী এয়াৰটেলৰ অনন্য প্ৰচেষ্টা
- ৰাইজৰ সুবিধাৰ বাবে বন বিভাগৰ ৱেব পৰ্টেল আৰু ম’বাইল এপ মুকলি
- বি আৰ অৰ পূৱ মণ্ডলৰ এ ডি জি হিচাপে জীতেন্দ্ৰ প্ৰসাদৰ কাৰ্যভাৰ গ্ৰহণ
- মুখ্যমন্ত্ৰীৰ সপোনৰ প্ৰকল্প – ব্ৰহ্মপুত্ৰৰ ওপৰত শুৱালকুচি – পলাশবাৰী সংযোগী দলঙৰ মাজিৰগাঁওৰ পৰা বিমানবন্দৰৰ সমীপলৈ নিৰ্মাণ হাইস্পীদ চাৰিলেনযুক্ত পথ সুকীয়াকৈ থাকিব
- Inauguration of Common Facility Center (CFC) under PM-DevINE Scheme at Chümoukedima, Nagaland
- চলিত মাহতে নথিপত্ৰ সঠিক কৰি লৈহে বাহন চলাওক- অসমত চলাচল কৰা বৰ্হিৰাজ্যৰ বাহন অসমৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰাৰ আহ্বান
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে