আজি পহিলা ব’হাগ। অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। বহুতে আজি এই দিনটোক মানুহৰ বিহু বুলিও কয়। আজিৰ দিনটোত কনিষ্ঠ জনে জেষ্ঠ্য জনৰ পৰা সেৱা জনাই আৰ্শীবাদ লোৱাৰ পৰম্পৰা অতীতৰে পৰা চলি আহিছে। ঠিক তেনেদৰে গৰুৰ চাটত দিয়া মাহ হালধিৰে গা ধুৱা পৰম্পৰাও প্ৰচলিত হৈ আহিছে। আজিৰ এই দিনটোতে বহু বিহুদল হুচৰি মাৰিবৰ বাবে বিভিন্ন ঠাইত ৰাওনা হয়। গৃহস্থৰ মংগল কামনা কৰি বিভিন্ন বিহুৰ হুচৰি দলে আজিৰ দিনটোত হুচৰি মাৰে।
এতিয়া আহো, মূল প্ৰসংগ বিহুলৈ। আচলতে বিহু শব্দৰ উৎপত্তিৰ সম্পৰ্কে বিভিন্ন মতবাদ পোৱা যায়। একাংশৰ মতে বিহু শব্দটো বিষু শব্দৰ পৰা আহিছে। আনহাতে একাংশৰ মতে বিহু শব্দটো সৃষ্টি হৈছে ব্ৰহ্মাৰ পৰা। মতবাদ যিয়েই নহওক কিয় বিহু আমৰ বাপতি সাহোন, অসমীয়া জাতিৰ প্ৰাণৰো প্ৰাণৰ আমাৰ আয়ুসৰেখা।
অসমীয়া চহা জনজীৱনৰ লগত বিহু সম্পৰ্কিত।বিহু সৃষ্টি হৈছিল পথাৰৰ মাজতহে, কোনো মঞ্চত নহয়। কিন্তু সময়ৰ সোঁতত গৈ বিহু পথাৰৰ পৰা মঞ্চত উঠিল। এই যে পথাৰৰ মাজৰ পৰা বিহু মঞ্চত পালেগৈ পৰিবৰ্ত্তন হ’ল, বিহুৰ পূবসুৰী পৰম্পৰা। বিহুনামৰ পৰা পৰিবৰ্ত্তিত হৈ প্ৰকাশিত হ’ল বিহুসুৰিয়া গীত অথবা বিহু গীত। উল্লেখযোগ্য যে আমাক পৰিবৰ্ত্তন লাগে কিন্তু আমি শিপাক পাহৰিব নালাগে, পাহৰিব নালাগে আমাৰ অতীতক।
মনকৰিবলগীয়া যে এই ব’হাগ বিহুক ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে ৰঙালী বিহু হ’ল ৰঙৰ সমাহাৰৰ উৎসৱ। কোনো ধৰ্মীয় বলয়ত আবদ্ধ নহয়। সেয়েহে জাতি, বৰ্ণ নিবিশেষ এই উৎসৱত ভাগ লোৱা দেখা যায়।
ঠিক এই সময়তে আমাৰ সোণালী সুতা কাপোৰ যোৰৰ চাহিদা বাঢ়ে। দেশৰ লগতে প্ৰবাসীয়ে বিহু বুলি সোণালী সুতাৰ কাপোৰ যোৰ আদৰে। আদৰে আমাৰ মান, স্বভিমানৰ প্ৰতীক গামোচাখনক।
প্ৰিয় পাঠক, বিহুৰ বতৰত বিহুৰ কথা আৰু জানাই যাম মাথো হৈ ৰওক আমাৰ সংগী। পুনৰ ৰঙালী বিহুৰ বহু শুভকামনা জনালো, ৰঙালীৰ ৰঙেৰে মন প্ৰাণ ৰঙীয়াল হৈ পৰক তাৰেই শুভকামনা জনাই কও।
অতিকে চেনেহৰ মুগাৰে মহুৰা
তাতোকে চেনেহৰ মাকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি
নাপাতি কেনেকৈ থাকো!