কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কাজু আৰু ক’ক খেতি বিষয়ক তিনিদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ

0 57

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত কাজু আৰু ক’ক'(চকলেট গছ) খেতিক বিজ্ঞানসন্মত পদ্ধতিৰে যাতে কৰি কৃষক সকলে আৰ্থিকভাৱে লাভবান হব পাৰে আৰু দুয়োটা খেতিক সাধাৰণ কৃষকৰ মাজলৈ নিয়াৰ লক্ষ্যৰে মহানগৰীৰ আজাৰা কাঁহিকুহিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ উদ্যান শস্য গৱেষণা কেন্দ্ৰত কাজু আৰু ক’ক’ৰ ওপৰত মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ কেৰেলাৰ কোচিৰ কাজুনাট আৰু ক’ক’ উন্নয়ন সঞ্চালকালয়ৰ উদ্যোগত কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ সহযোগত আয়োজন কৰা এই প্রশিক্ষণ কাৰ্যসূচীৰ প্ৰধান লক্ষ্যই হৈছে উত্তৰ পূবৰ অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয় ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ বিষয়াসকলক সামর্থ্য । গঢ়ি তোলা আৰু দক্ষতা বৃদ্ধি কৰা । আনহাতে বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা উদ্ধোধনী অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে কোচিৰ কাজুনাট আৰু ক’ক উন্নয়ন সঞ্চালকালয়ৰ সঞ্চালক ডঃ ফেমিনাই। ভাষণ প্ৰসংগত ডঃ ফেমিনাই কয় এই তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল লক্ষ্যই হৈছে কাজুৰ উলম্ব আৰু অনুভূমিক সম্প্ৰসাৰণত সক্রিয়ভাৱে নিজকে জড়িত কৰিব পাৰে আৰু নিজ নিজ ৰাজ্যৰ ক’ক’ খণ্ডত উন্নয়নৰ গতি তৰান্বিত কৰা।আনহাতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই কয় উত্তৰ পূবৰ ৰাজ্যকেইখনৰ মাটিত কাজু আৰু ক’ক খেতিৰ যথেষ্ঠ সম্ভাৱনা আছে যিটো ৰাষ্ট্ৰীয় গড়তকৈ বেছি। অঞ্চলটোৰ কোনবোৰ অঞ্চলৰ মাটি এই দুটা খেতিৰ বাবে বেছি উপযোগী তাক চিনাক্ত কৰিবৰ বাবে এক জৰীপ চলাব লাগে। যাতে পৰৱৰ্তী সময়ত ইয়াক কেন্দ্ৰ কৰি দীৰ্ঘ্যম্যাদি প্ৰকল্প গঢ় লৈ উঠিব পাৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ডঃ সঞ্জয় কুমাৰ চেতিয়াই ভাষণ প্ৰসংগত অসমৰ প্ৰায় ৫০ হাজাৰ হেক্টৰ মাটিক এই দুবিধ খেতিৰ আওতালৈ আনিব পাৰি বুলি সদৰি কৰে। তেনেদৰে সন্মানীয় অতিথি হিচাপে ভাগ লৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ খানাপাৰাত থকা সম্প্ৰসাৰণ শিক্ষা প্ৰতিষ্ঠানৰ গৱেষণা সঞ্চালক ডঃ ৰাজু মণি বৰদলৈয়ে কয় কৃষকৰ সক্ষমতা বৃদ্ধিৰে এই দুবিধ খেতি বিজ্ঞানসন্মতভাৱে কৰি মূল্য সংযোজন কৰি আৰ্থিকভাবে লাভবান হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। শেষত শলাগৰ শৰাই আগবঢ়াই উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ প্ৰদীপ মহন্তই। উল্লেখ্য যে প্ৰশিক্ষণ কাৰ্য্যসূচীত উত্তৰ পূবৰ সাতোখন ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ প্ৰায় ৫০ জন বিষয়াই ভাগ লৈছে। প্ৰশিক্ষণ কাৰ্যসূচীত গুণগত মানৰ ৰোপণ সামগ্ৰী উৎপাদন, উৎপাদন প্রযুক্তি, সংহত কীট-পতংগ ব্যৱস্থাপনা, চপোৱাৰ পিছৰ ব্যৱস্থাপনাৰ লগতে ভাৰত চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা আগবঢ়োৱা সহায়কে ধৰি বিভিন্ন মাত্ৰাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ বিভিন্ন প্ৰতিষ্ঠান আৰু দেশৰ আগশাৰীৰ কৃষি বিশ্ববিদ্যালয়ৰ পৰা কাজু আৰু ক’ক’ ডমেইনত বিশেষজ্ঞতা থকা আঠজন বিশিষ্ট বিজ্ঞানীয়ে প্রশিক্ষণ সমল ব্যক্তি হিচাপে ভাগ লৈছে। কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰী সকলক গোৱালপাৰা জিলাৰ কাজু খেতি কৰা পকেটলৈও লৈ ক্ষেত্ৰ অধ্যয়নৰ বাবে লৈ যোৱা হ’ব।আনহাতে ১২ ডিচেম্বৰত খানাপাৰাত থকা অসম কৃষি বিশ্ববিদ্যালয় চৌহদত তিনিদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি পৰিব।

Leave A Reply

Your email address will not be published.