অসম-পশ্চিমবংগ এলেকাৰ একাংশক লৈ কোচ ৰাজবংশী জনগোষ্ঠীটোৱে সুকীয়া কমতাপুৰ ৰাজ্য গঠন আৰু জনজাতিকৰণৰ দাবীত সংগ্ৰাম কৰি থকাৰ সময়তে আৰু কে এল অ ৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ আলোচনা প্ৰসংগ আৰম্ভণি কৰাৰ সময়তে ধুবুৰী পূব জিলাৰ কোচ ৰাজবংশী মহিলা সমিতিৰ কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবী জনাইছে।সমিতিৰ লগত সাধাৰণ ৰাইজে বিলাসীপাৰা মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ সন্মুখত ৩ ঘণ্টীয়া ধৰ্ণা অৱস্থান কাৰ্য্যসূচী ৰূপায়ণৰ লগতে মহকুমাধিপতিৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে৷
বাতৰি যুগুতালে বঙাইগাঁওৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।