নাহৰণি চাহ বাগিচাৰ শতবৰ্ষীয় অনুষ্ঠানৰ লগত সংগতি ৰাখি পঞ্চম বাৰ্ষিক শিৰীষ মহোৎসৱ ১৬ আৰু ১৭ মাৰ্চত দুদিনীয়া কাৰ্য্যসূচীৰে নাহৰণি চাহ বাগিচাত এ পি পি এল ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত কৰা হয়। মূলত চাহ জনগোষ্ঠীৰ কৃষ্টি আৰু সাংস্কৃতিক বিকাশৰ উদেশ্য আগত ৰাখি ২০১৫ চনৰ পৰা আৰম্ভ হোৱা এই বিশেষ অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা, চাহ জনগোষ্ঠীয় লোক সকলৰ গীত মাত আদিৰ লগতে শিৰীষ সাহিত্য বঁটা আৰু শিৰীষ সাংস্কৃতিক বঁটা প্ৰদান কৰে। উল্লেখযোগ্য যে এইবৰ্ষৰ এই বিশেষ বঁটা লাভ কৰে ক্ৰমে বিপিন চন্দ্ৰ মাহতো আৰু শিৱচৰণ দাসে। ইয়াৰ ওপৰিও নিশাৰ ভাগলৈ সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে জনপ্ৰিয় সংগীত শিল্পী মানস ৰবীন ৰ লগতে চাজন নায়ক আৰু সুবিল বাৰ্গে।খবৰ যুগুতালে হিৰক জ্যোতিয়ে..
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press