উত্তৰ পূব ভাৰতৰ অগ্ৰণীয় চিমেণ্ট উদ্যোগসমূহৰ ভিতৰত টপচেম চিমেণ্ট উল্লেখযোগ্য।উন্নতি আৰু বিকাশৰ মাজেৰে সফলতাৰ বহুকেইটা বৰ্ষ উদযাপন কৰাৰ পিছত টপচেম চিমেণ্টে সামাজিক দায়িত্ববোধ পালন কৰাতো বিশেষ সুনাম অৰ্জন কৰিছে।বৃদ্ধ তথা বিশেষভাৱে সক্ষম ব্যক্তি সকলৰ মুখত হাঁহি বিয়পোৱাৰ বাবে প্ৰতিপালন আৰু বিনিময়ৰ প্ৰতিশ্ৰুতিৰে প্ৰতিষ্ঠানটোৱে দশকজুৰি সফলতাৰ দিশত অগ্ৰসৰ হৈছে ।বিগত বৰ্ষৰ দৰে এইবাৰো টপচেম চিমেণ্টে বৃদ্ধাৱাসৰ লগতে বিশেষ ভাৱে সক্ষম শিশুসকলৰ মাজত বিহু উদযাপনৰ কাৰ্য্যসূচী হাতত লৈছে ।সেই অনুসৰি আছাম অতিজিম ফাউণ্ডেচন,অল্ড এজ হোম, শিশু সাৰথি, আমাৰ ঘৰ, মাডাৰ অল্ড ইজ হোম, আশাদ্বীপ, শান্তি নিবাসত বিহু উদযাপনৰ কাৰ্য্যসূচী ৰাখিছে।উল্লেখযোগ্য যে ৮ এপ্ৰিলৰ পৰা ১২ এপ্ৰিল পৰ্য্যন্ত এই অনুষ্ঠান সমূহত বিহুৰ কাৰ্য্যসূচী ৰূপায়ন হ’ব।আজি মহানগৰীৰ হোটেল লেণ্ডমাৰ্কত আয়োজিত এক সংবাদ মেলত মেঘালয়ৰ চিমেণ্টেৰ অধ্যক্ষ ডঃঅনিল কাপুৰে কয় যে টপচেম চিমেণ্টে সদায়ে সমাজৰ উপেক্ষিত জনক সহযোগ কৰি আহিছে ।সমাজৰ বঞ্চিত জনক সকাহ যোগোৱাটো টপচেম চিমেণ্টৰ সংস্কৃতি বুলি মন্তব্য কৰে।সংবাদ মেলখনত প্ৰতিষ্ঠানটোৰ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা