মিছ এণ্ড মিচেচ গ্ল’বেল ইণ্ডিয়া সৌন্দৰ্য্য প্ৰতিযোগিতা ২১ এপ্ৰিলত আয়োজন কৰা হৈছে।গুৱাহাটীৰ জি এছ ৰোডৰ ৰুক্মিণীগাঁওস্থিত হোটেল শ্বুলিন গ্ৰেণ্ডৰ সভাকক্ষত অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতাখনৰ সম্পৰ্কত এক সংবাদ মেলত এই কথা প্ৰকাশ কৰি পৰিচালন সঞ্চালক জিত দাসে কয় যে এই প্ৰতিযোগিতাখনৰ সবিশেষ ৱেবছাইটতwww.missandmrsglobeindia.com লগ অন কৰিব পাৰিব বুলি উল্লেখ কৰে।গুৱাহাটী এডিচনৰ নিৰ্বাচিতসকলে ২৯ জুনত দিল্লীত অনুষ্ঠিত হ’বলগীয়া সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।দিল্লীত বিজয়ী হোৱা সকলে পৰৱৰ্তী সময়ত ফিলিপাইনছ আৰু ছিংগাপুৰ অনুষ্ঠিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।বিদেশলৈ অহা যোৱাৰ খৰছ এছ এম ইভেণ্ট ব্যয় কৰিব বুলিও তেখেতে সদৰী কৰে।আজিৰ সংবাদ মেলত উপস্থিত থাকি জনপ্ৰিয় অভিনেত্ৰী য়াংকী পৰাশৰে সৌন্দৰ্য্য প্ৰতিযোগিতাৰ বিষয়ে আলোকপাত কৰে।সংবাদ মেলত উপস্থিত থাকি আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য্য প্ৰতিযোগিতাৰ বিজয়ী সুনীতা দেৱ, গীতালী পাঠক, বাগ্মিতা পাঠকে এই প্ৰতিযোগিতাৰ বিভিন্ন দিশ ফঁহিয়াই বাখ্যা কৰে।উল্লেখযোগ্য যে এই ৩ গৰাকী সৌন্দৰ্য্য প্ৰতিযোগিতাৰ বিজয়ীয়ে গুৱাহাটী এডিচনৰ প্ৰতিযোগী বাচনিত জুৰিৰ সদস্য হিচাপে উপস্থিত থাকিব ।
Trending
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ