গুৱাহাটীক এখন ধঁপাতমুক্ত মহানগৰী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যেৰে প্ৰথম বাৰৰ বাবে প্ৰায় সাত শতাধিক লোকে মঙ্গল বাৰে পুৱা গুৱাহাটীৰ ৰাজপথত খোজ কাঢ়ে। এই উদ্দেশ্য কনজিউমাৰছ লিগেল প্ৰটেকশ্বন ফ’ৰামৰ অসম আৰু কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ উদ্যোগত তথা পথিকৰ সহযোগত মঙ্গলবাৰে গুৱাহাটীত এক ৱাকাথন কাৰ্যসূচী অনুষ্ঠিত হয়। ছয়মাইলৰ হিতেশ্বৰ শইকীয়া কলেজ খেলপথাৰৰ পৰা আৰম্ভ হৈ খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয় হৈ গণেশ মন্দিৰ ইণ্ডোৰ ষ্টেডিয়ামলৈ এই ৱাকাথন কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ব ধঁপাত বিৰোধী দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত ৱাকাথন কাৰ্যসূচীত অংশগ্ৰহণ কৰি অংশগ্ৰহণকাৰী সকলে পাঁচ কিলোমিটাৰতকৈ অধিক অঞ্চল খোজ কাঢ়ি অতিক্ৰম কৰে। সৰ্বসাধাৰণ বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত ধঁপাত ব্যৱহাৰৰ ভয়াৱহতা আৰু ধঁপাত নিয়ন্ত্ৰণৰ বিষয়ে সজাগতা সৃষ্টি কৰাই এই ৱাকাথনৰ মূল উদ্দেশ্য আছিল।গ্লোবেল এডাল্ট টবাকো ছাৰ্ভে অনুসৰি অসমত ২৫.৩% পুৰুষ , ০.৮% মহিলা আৰু ১৩.৩% প্ৰাপ্তবয়স্ক লোকে ধোঁৱাযুক্ত ধঁপাত সেৱন কৰে। ইয়াৰ বিপৰীতে ৫০.৫% পুৰুষ , ৩২.৫% মহিলা আৰু ৪১.৭% প্ৰাপ্তবয়স্ক লোকে ধোঁৱাবিহীন ধঁপাত ব্যৱহাৰ কৰে। সমীক্ষাটোৰ মতে প্ৰথমবাৰৰ বাবে ধঁপাত ব্যৱহাৰকাৰী যুৱ প্ৰজন্মৰ সংখ্যা পূৰ্বৰ ১৮.১% ৰ তুলনাত ১৮.৫% লৈ বৃদ্ধি পাইছে। যি সময়ত সমগ্ৰ দেশতে ধঁপাত ব্যৱহাৰকাৰীৰ সংখ্যা ৩৪.৬% ৰ পৰা ২৮.৬% লৈ হ্ৰাস পাইছে সেই সময়ত অসমত ধঁপাত ব্যৱহাৰকাৰীৰ সংখ্যা পূৰ্বৰ ৩৯.৩% ৰ পৰা ৪৮.২% লৈ বৃদ্ধি পাইছে। হিতেশ্বৰ শইকীয়া কলেজ খেলপথাৰত পুৱা ৭ বজাত ৱাকাথনৰ ফ্লেগ অফ কৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰধান ডাঃ এল আৰ বিষ্ণয়, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত দেৱেশ্বৰ মালাকৰ, ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকী, ৰাজ্যিক ধঁপাত নিয়ন্ত্ৰণ কোষৰ ৰাজ্যিক নোডেল বিষয়া ডাঃ অৰুন্ধতী ডেকা আৰু অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ জ্যেষ্ঠ কাৰ্যবাহী আকাশ প্ৰধানে। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-শিক্ষক , বিশিষ্ট নাগৰিক , তাৰকা শিল্পী, মহিলা সংগঠন, জ্যেষ্ঠ নাগৰিক, গ্ৰাহক সংগঠন, আৰক্ষী আৰু প্ৰশাসনৰ প্ৰতিনিধিকে ধৰি প্ৰায় সাত শতাধিক লোকে ৱাকাথনত অংশ লয়। যুৱ প্ৰজন্মৰ মাজত ধঁপাতৰ বিৰূদ্ধে সজাগতা অধিক বৃদ্ধিৰ লক্ষ্যৰে ৱাকাথনৰ পিছত গণেশ মন্দিৰ ইন্দোৰ ষ্টেডিয়ামত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই সজাগতা সভাত উপস্থিত সকলে জীৱন কালত ধঁপাত আৰু ধঁপাতজাত সামগ্ৰী ব্যৱহাৰ নকৰাৰ শপত গ্ৰহণ কৰে।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা