মানৱ সমাজৰ মাজত শান্তি সম্প্ৰীতি, বন্ধুত্ব আৰু ভাতৃত্ববোধৰ বান্ধোন সুদৃঢ় কৰাৰ ক্ষেত্ৰত যোগভ্যাসে বিশেষ প্ৰভাৱ পেলায়। যোগ শাৰিৰীক স্বাস্থ্য সুস্থ অটুত ৰখাৰ দিশত বিশেষভাৱে সহায় কৰাৰ উপৰি মানসিক সন্তুলন বজাই ৰখাৰ দিশত ইতিবাচক প্ৰভাৱ পেলায়। সেয়েহে আজি সমগ্ৰ বিশ্বজুৰি যোগ দিৱস উদযাপন কৰাৰ লগতে পূৰ্বতকৈ যোগ জনপ্ৰিয়তা বৃদ্ধি পাই আহিছে। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদত যোগ দিৱসৰ বাবে যি আহ্বান জনাইছিল সেই আহ্বানৰ গুৰুত্ব বুজি ৰাষ্ট্ৰ সংঘই সমগ্ৰ বিশ্বজুৰি ২১ জুনত যোগ দিৱস পালনৰ বাবে যি ব্যৱস্থা কৰিছে তাক সমগ্ৰ বিশ্বই আঁকোৱালি লৈছে। আজি আয়ুষ সঞ্চালকায়ৰ দ্বাৰা গুৱাহাটীৰ সৰুসজাইৰ ক্ৰীড়া প্ৰকল্পত আয়োজিত পঞ্চম আন্তৰ্জাতিক যোগ দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ভাষণত এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰাক-ব্ৰহ্মপুত্ৰৰ, পাহাৰ ভৈয়ামৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ মাজত শান্তি-সম্প্ৰীতি তথা ভাতৃত্ব বোধৰ বান্ধোন সুদৃঢ় কৰাৰ ক্ষেত্ৰত এই যোগ দিৱসৰ পবিত্ৰ ক্ষণত সংকল্পবদ্ধ হোৱাৰ বাবে আহ্বান জনায়। অনুষ্ঠানত গুৱাহাটী উন্নয়ণ, শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই যোগৰ মাধ্যমৰে শক্তিশালী শাৰিৰীক স্বাস্থ্য তথা মানসিকভাৱে অটুত ৰাখিব পাৰে বুলি মন্তব্য কৰি যোগ দিৱস পালনৰ দিশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা অগ্ৰণীয় ভূমিকাক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী ভট্টাচাৰ্যই। আন্তৰ্জাতিক যোগ দিৱস কাৰ্যসূচীৰ আদৰণী ভাষণ আগবঢ়াই স্বাস্থ্য পৰিয়াল কল্যাণ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মূখ্য সচিব আলোক কুমাৰ, আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, আয়ূষ সঞ্চালক মণিষা হাজৰিকা, মহানগৰ আৰক্ষী আয়ুক্ত, কামৰূপ মহানগৰ জিলা উপায়ুক্তকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোক তথা জনসাধৰণে অংশ গ্ৰহণ কৰে।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা