আৰ্ত জনক সহায়ৰ হাত আগবঢ়ালে কংগ্ৰেছ নেত্ৰীয়ে

0 218

ৰাজ্যত ক’ৰণা ভাইৰাছৰ গণ সংক্ৰমণ দিনক দিনে বৃদ্ধি পাই অহাৰ ফলত  ক’ৰণাত আক্ৰান্ত  ৰোগীৰ সংখ্যাও বৃদ্ধি পাই আহিছে। সমান্তৰালভাৱে এই সময়ছোৱাত বানীপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰি বিভিন্ন ঠাইত মথাউৰি, ৰাষ্ট্ৰীয় ঘাইপথ, জনসাধাৰণৰ ঘৰ, খেতিপথাৰক বিস্তৰ ক্ষতি সাধন কৰিছে।
 
 
 
ফলত বানাক্ৰান্তৰ পশুধনসমূহৰো বিভিন্ন সমস্যাই গা কৰি উঠিছে। পলাশবাৰী সমষ্টিৰ গুইমাৰা অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বহু কেইটা পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিছে।
 
 
 
এনেসময়তে  উত্তৰ পূৱৰ ছাত্ৰী সংগঠনৰ সভানেত্ৰী তথা কংগ্ৰেছ নেত্ৰী মুনমী দত্তই আজি বিয়লি প্ৰায় ২৫০ ঘৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি এক কাৰ্যসূচী ৰূপায়ণ কৰে।
জানিব পৰা মতে বানপানীৰ কবলত পৰা অঞ্চলৰ পৰিয়াল সমূহক  নেত্ৰী গৰাকীয়ে সামগ্ৰী বিতৰণ কৰিব‌‌। উল্লেখ্য যে, উত্তৰ পূৱ ছাত্ৰী সংগঠনৰ সভানেত্ৰী তথা কংগ্ৰেছ নেত্ৰী মুনমী দত্তই ক’ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰা প্ৰথম পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত পলাশবাৰীৰ দুখীয়া লোকসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

Leave A Reply

Your email address will not be published.