ভাৰত পৰ্যটনে সমগ্র অসম ৰাজ্যজুৰি ১০০০ কিলোমিটাৰ চাইকেলিঙ আৰম্ভ কৰিছে।অহা ৭ মাৰ্চৰ পৰা ১৭ মাৰ্চলৈ চলিব লগীয়া চাইকেলিঙ বীৰ লাচিত ঘাটৰ পৰা আৰম্ভ হ’ব।এই সম্পৰ্কে জানিবলৈ দি ভাৰত পৰ্যটনৰ উত্তৰ পূবৰ সঞ্চালক শংখ শুভ্ৰ দেৱ বৰ্মনে কয় যে এই চাইকলিঙে পৰ্যটন ক্ষেত্ৰখনক প্ৰসাৰ ঘটাব।আজি সংবাদ মেলত উপস্থিত থাকি আয়কৰ বিভাগৰ আয়ুক্ত সঞ্জয় বাহাদুৰে কয় যে পৰ্যটকে উত্তৰ পূবত চাবলগীয়া বহু ঠাই আছে।আমাৰ মানুহে গোৱা ,কেৰেলা, হিমাচললৈ যায়।কিন্তু উত্তৰ পূবৰ দৰে জৈৱ বৈচিত্ৰ্যময়, প্ৰাকৃতিক পৰিৱেশে পূৰ্ণ ঠাই পৃথিৱীতে বিৰল।উল্লেখযোগ্য যে গুৱাহাটীৰ পৰা নগাঁও,নগাৱৰ পৰা দেৰগাঁও,দেৰগাঁৱৰ পৰা শিৱসাগৰ, শিৱসাগৰ পৰা দুলিয়াজান, দুলিয়াজানৰ পৰা ডিব্ৰুগড়, ডিব্ৰুগড়ৰ পৰা উত্তৰ লখিমপুৰ, উত্তৰ লখিমপুৰৰ পৰা বিশ্বনাথ আলি,বিশ্বনাথৰ পৰা ঢেকীয়াজুলি, ঢেকীয়াজুলিৰ পৰা গুৱাহাটীলৈ চাইকেলি অনুষ্ঠিত হ`ব।ঠাই বিশেষে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব।আজিৰ সংবাদমেলত পৰ্যটন বিভাগৰ বহুকেইজন বিষয় ববীয়া উপস্থিত থাকে।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন