কৃষি, মীন তথা পশুপালনৰ ক্ষেত্ৰত কৃষক সকলক উৎসাহিত কৰা তথা বৈজ্ঞানিক দৃষ্টিভংগীৰে কৃষক সকলক সকলো বিভাগৰ আঁচনি সমূহ বিষয়ে জনোৱাৰ উদ্দেশ্যে সমন্বিত সমবায় প্ৰকল্পৰ অন্তৰ্গত কৃষক সমাৰোহ অনুষ্ঠিত হয়। পোন প্ৰথম বাৰৰ বাবে কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা সমাৰোহ খনত ৰাজ্যৰ বিভিন্ন বিভাগীয় আমোলা, প্ৰশাসন, নীতি নিৰ্দ্ধাৰকৰ লগতে বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত আছিল। উক্ত কৃষি সমাৰোহত মুখ্য অতিথি তথা অসম চৰকাৰৰ অতিৰক্ত মুখ্য সচিব মাননীয় কে কে মিট্ৰালে কৃষক সকলক উপকৃত হ’ব পৰাকৈ থকা সুবিধাৰ সন্দৰ্ভত মন্তব্য কৰে। উল্লেখযোগ্য যে ২০১৪ চনত সমাজৰ অৰ্থনৈতিক উন্নয়নৰ অৰ্থে জন্ম লাভ কৰা সমবায়ে ইতিমধ্যে ৩০০ কৃষকক সামৰি লৈছে। পৰৱৰ্ত্তী সময়ত সুলভ মূল্যত গুণগত মানদণ্ড অক্ষুন্ন ৰাখি মহানগৰীৰ ঘৰে ঘৰে দুগ্ধ, মীন, শাক-পাচলি যোগান ধৰাটো লক্ষ্য ৰাখিছে। উল্লেখযোগ্য যে আজিৰ কৃষি সমাৰোহখনত বিভিন্ন বিশেষজ্ঞসকলে কৃষক সকলক কি দৰে সুসংহত ভাবে কৃষি পদ্ধতি তথা মীন পালন কৰিব পাৰি সেই বিষয়ে আলোকপাত কৰে। স্মতৰ্ব্য যে সমন্বিত সমবায় প্ৰকল্পৰ অধীনত অসম পাচলি উৎপাদক সমবায় সমিতিৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰাহুল আমিনে গ্ৰহণ কৰা পদক্ষেপে কৃষক সকললৈ আশা ৰেঙনি কঢ়িয়াই আনিছে।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী

