অসম মেঘালয় সীমান্তৰ বৃহত্তৰ ৰাণী অঞ্চলত কৃষক ৰাইজ শালি ধানৰ খেতি কৰাৰ বাবে সাজু হোৱাৰ সময়তে বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে থমকি ৰবলগীয়া হৈছে । আনকি ৰাইজ আৰু ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ সীমিত সংখ্যক বনকর্মীয়ে যৌথভাৱে হাতী খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে । তৎসতেও হাতীয়ে একাংশ লোকৰ কঠিয়াতলীত লণ্ডভণ্ড কৰিছে । আনহাতে কৃষক ৰাইজক বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা কিছু সকাহ দিয়াৰ লক্ষ্যৰে পশ্চিম গুৱাহাটীৰ বিশিষ্ট সমাজকর্মী আৰু দীপৰ বিলৰ গাতে লগা দেউচতালৰ বাসিন্দা বলেশ্বৰ ৰংপীয়ে আজি বৃহত্তৰ ৰাণী অঞ্চলৰ মেঘালয় সীমান্তবৰ্তী নালাপাৰা ,খপেগাও,পুখুৰীপাৰ, বিক্রমপুৰত ৩০ জন কৃষকক হাতী খেদা কাৰ্যত সহায়ক হোৱাকৈ উচ্চক্ষমতা সম্পন্ন টৰ্চলাইট বিতৰণ কৰে । বিতৰণ কাৰ্যসূচীত বিক্ৰমপুৰৰ বাসিন্দা আৰু প্ৰাগ নিউজৰ সাংবাদিক জোন ৰাভাকে ধৰি কেবাজনো লোকে সহযোগিতা আগবঢ়ায় ।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি